নেশ্বনেল ডেক্স,1 ফেব্ৰুৱাৰীঃদিল্লীৰ পৰা উৰা মৰা এয়াৰ ইণ্ডিয়াৰ 747 জম্বো বিমানখন শুকুৰবাৰে উহানত অৱতৰণ কৰে ৷ বিমানখনে চীনৰ কৰোণা ভাইৰাচত আক্ৰান্ত অঞ্চলসমূহৰ পৰা ভাৰতীয় শিক্ষাৰ্থীসকলক সুকলমে ওভতাই অনাৰ বাবে চীনলৈ ৰাওনা হৈছে ৷ স্বাস্থ্য আৰু পৰিয়াল পৰিক্ৰমা মন্ত্ৰণালয়ৰ সচিব সঞ্জীৱ কুমাৰে কয় যে, বিমানখনে চীনৰ পৰা 366 জন লোকক ভাৰতলৈ ওভতাই লৈ আনিব ৷ তেখতে আৰু কয় যে, বিমানখনে শুকুৰবাৰে দিনৰ 12 বজাত দিল্লী বিমান বন্দৰৰ পৰা উৰা মাৰি শনিবাৰে পুৱা 2 বজাৰ ভিতৰত উভতি আহিব ৷ বমানখনত মুঠ 15 টা কেবিন আৰু 5 জন বিমান কৰ্মচাৰী আছে ৷ ইয়াৰ উপৰিও বিমানখনত 423খন আসনৰ ব্যৱস্থা আছে ৷ আনহাতে, চীনত আৱদ্ধ আন ভাৰতীয় লোকসকলক ওভতাই অনাৰ বাবে শনিবাৰে দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল 3ৰ পৰা আন এখন বিমানে যাত্ৰা কৰাৰ সম্ভাৱনা আছে ৷
ভাৰতীয় শিক্ষাৰ্থীসকলক সুকলমে ওভতাই অনাৰ বাবে উহানলৈ ৰাওনা এয়াৰ ইণ্ডিয়াৰ বিমান - এয়াৰ ইণ্ডিয়াৰ 747 জম্বো বিমান
স্বাস্থ্য আৰু পৰিয়াল পৰিক্ৰমা মন্ত্ৰণালয়ৰ সচিব সঞ্জীৱ কুমাৰে কয় যে, বিমানখনে চীনৰ পৰা 366 জন লোকক ভাৰতলৈ ওভতাই আনিব ৷ তেখতে আৰু কয় যে, বিমানখনে শুকুৰবাৰে দিনৰ 12 বজাত দিল্লী বিমান বন্দৰৰ পৰা উৰা মাৰিব আৰু শনিবাৰে পুৱা 2 বজাৰ ভিতৰত উভতি আহিব ৷
উল্লেখ্য যে, বিমানখনত ৰামমোহন লোহিয়া হাস্পতালৰ 5জনীয়া এক চিকিৎসকৰ দলৰ উপৰিও এয়াৰ ইণ্ডিয়াৰ এক পেৰামেডিকেল দল, অভিযন্তাৰ এটি দলৰ লগতে সুৰক্ষা কৰ্মী চৰকাৰৰ তৰফৰ পৰা পঠিওৱা হৈছে ৷ এই সমগ্ৰ উদ্ধাৰ অভিযানটোক এয়াৰ ইণ্ডিয়াৰ অপাৰেচন ডাইৰেক্টৰ অমিতাভ সিঙে নেতৃত্ব প্ৰদান কৰিছে ৷ এই সংকটৰ লগত মোকাবিলা কৰিবলৈ ভাৰতীয় দূতাবাসে তিনিটাকৈ হটলাইন নম্বৰ মুকলি কৰিছে ৷ ভাৰতৰ উপৰিও আমেৰিকা, জাপান, উত্তৰ কোৰিয়া আদি কেইবাখনো বিমানে উহানৰ পৰা নিজৰ নাগৰিকসকলক বিমানযোগে স্ব গৃহলৈ ওভতাই লৈ গৈছে ৷ আনহাতে, আফ্ৰিকাৰ উপৰিও পাকিস্তান, বাংলাদেশ আদি কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰৰ বহু নাগৰিক হুবেই প্ৰদেশত আৱদ্ধ হৈ থকা বুলি তথ্য লাভ কৰা হৈছে ৷
লগতে পঢ়ক-আজি দাখিল হ’ব দেশৰ কেন্দ্ৰীয় বাজেট