অসম

assam

ETV Bharat / international

20 বছৰৰ মূৰত তালিবানৰ হাতলৈ আফগানিস্তান

সুদীৰ্ঘ 20 বছৰৰ নিস্ক্ৰিয়তাৰ মূৰত পুনৰ তালিবানৰ হাতলৈ আফগানিস্তানৰ ক্ষমতা ৷ ৰাজধানী চহৰ কাবুলৰ ফালে তালিবান অগ্ৰসৰ হোৱাৰ লগে লগেই দেশ ত্যাগ কৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীয়ে ৷ ইয়াৰ লগে লগে অৰ্থহীন হৈ পৰিল যুদ্ধবিধ্বস্ত দেশখন পুনৰনিৰ্মাণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই 20 বছৰ ধৰি চলোৱা ব্যয়বহুল অভিযান ৷

By

Published : Aug 16, 2021, 12:56 PM IST

After 20-years lull, Taliban takes charge of Afghanistan
20 বছৰৰ মূৰত তালিবানৰ হাতলৈ আফগানিস্তানৰ ক্ষমতা

ইণ্টাৰনেশ্যনেল ডেস্ক, 16 আগষ্ট :আফগানিস্তানৰ নিয়ন্ত্ৰণ পুনৰ নিজৰ হাতলৈ আনিলে সন্ত্ৰাসবাদী শক্তি তালিবানে ৷ আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীয়ে দেশ ত্যাগ কৰাৰ পাচত চৰকাৰ ধ্বংস হোৱাৰ লগতে হাজাৰ হাজাৰ লোক দেশ ত্যাগ কৰি পলায়ন কৰিবলৈ বাধ্য হোৱাৰ লগে লগে তালিবানে কাবুলৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনিবলৈ সক্ষম হয় ৷ যুদ্ধ বিধ্বস্ত ৰাষ্ট্ৰখনক পুনৰনিৰ্মাণ কৰাৰ উদ্দেশ্যে সংযুক্ত ৰাষ্ট্ৰই চলোৱা অভিযানত পৰ্দা টানি প্ৰায় 20 বছৰ নিস্ক্ৰিয় হৈ থকাৰ পাচত সন্ত্ৰাসবাদী সংগঠনটো পুনৰ ক্ষমতালৈ ঘূৰি আহিছে ৷

জানিব পৰা মতে, পৰিত্যক্ত আৰক্ষী চকীসমূহৰ নিয়ন্ত্ৰণ হাতলৈ অনাৰ বাবে সমগ্ৰ কাবুলত তালিবান যোদ্ধাসকলক নিয়োজিত কৰা হৈছে ৷ উল্লেখনীয়ভাৱে চহৰখনৰ বিভিন্ন অঞ্চলৰ লগতে কূটনৈতিক জিলাসমূহতো(diplomatic district) লুণ্ঠন সংঘটিত হোৱা বুলি চহৰখনৰ আৱাসীসকলে অভিযোগ উত্থাপন কৰিছে ৷ এই সকলোবোৰৰ মাজতে ৰাইজক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দি সামাজিক মাধ্যমযোগে বিভিন্ন বাৰ্তা প্ৰচাৰ কৰা হৈছে ৷

লগতে পঢ়ক :আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীৰ দেশ ত্যাগ

আফগানিস্তান চৰকাৰ আৰু তালিবানৰ মাজত হোৱা এক আলোচনাৰ অন্তত তালিবানে অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰাৰ পাচতে দেওবাৰে ঘানীয়ে হাৰ মানি সকলো ক্ষমতা ত্যাগ কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি, আলী আহমেদ জালালীক নতুন অন্তৱৰ্তীকালীন চৰকাৰখনৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হ'ব ৷ 2003 চনৰ জানুৱাৰীৰ পৰা 2005ৰ চেপ্তেম্বৰলৈকে জালালীয়ে দেশখনৰ আভ্যন্তৰীণ মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল ৷ তালিবানৰ মুখপাত্ৰ চুহেইল শ্বাহিনে কাটাৰস্থিত এটা সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, তেওঁলোকে কাবুল চহৰৰ শান্তিপূৰ্ণ স্থানান্তৰৰ বাবে অপেক্ষা কৰি আছে ৷ অৱশ্যে চৰকাৰ আৰু তেওঁলোকৰ মাজৰ সাম্ভাৱ্য আলোচনাসম্পৰ্কীয় কোনো তথ্য প্ৰকাশ কৰা নাছিল ৷

লগতে পঢ়ক :ঘানীৰ আত্মসমৰ্পণ: তালিবানৰ হাতত আফগানিস্তানৰ বাঘজৰী

তালিবানে কেনে ধৰণৰ চুক্তি বিচাৰে বুলি সোধা প্ৰশ্নৰ উত্তৰত শ্বাহিনে কয় যে, তেওঁলোকে আফগান চৰকাৰৰ এক চৰ্তবিহীন আত্মসমৰ্পন বিচাৰে ৷ চৰকাৰৰ সৈতে আলোচনাত মিলিত হোৱা তালিবানৰ মুখ্য আলোচনাকাৰী মোল্লা আব্দুল গনি বাৰাদাৰে(Abdul Ghani Baradar) এই বিজয়ৰ বাবে আফগানিস্তানৰ সকলোকে অভিনন্দন জনাইছে ৷ সামাজিক মাধ্যমযোগে এটা ভিডিঅ' আপলোড কৰি তেওঁ দেশখনত শান্তি বিৰাজ কৰিব বুলি আশ্বাস দিয়াৰ লগতে দেশবাসীৰ বাবে এক উন্নত ভৱিষ্যত ৰৈ আছে বুলি মন্তব্য কৰে ৷

সংযুক্ত ৰাষ্ট্ৰৰ দুগৰাকী শীৰ্ষ বিষয়াৰ মতে, কাবুল বিমানবন্দৰ(Kabul Airport)ত সংঘটিত গুলীচালনাৰ ঘটনাৰ পাচত বাণিজ্যিক বিমানৰ চলাচল বন্ধ ৰখা হৈছে ৷ ইয়াৰ লগে লগে সামৰিক বিমানসমূহ স্থানান্তৰৰ কাম চলি আছে বুলিও তেওঁলোকে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, কাবুলত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে বিমানবন্দৰত জুই লাগিছে বুলি ইয়াৰ ৱেবছাইটত এক নিৰাপত্তা সতৰ্কতা জাৰি কৰি যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলক সাৱধানতা অৱলম্বন কৰাৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক :সাংবাদিকক পণবন্দী কৰি ৰাখিছে তালিবানে

ABOUT THE AUTHOR

...view details