ইণ্টাৰনেশ্যনেল ডেস্ক, 16 আগষ্ট :ক্ষমতাৰ বাবে দীৰ্ঘদিন ধৰি চলি থকা সংঘৰ্ষৰ অৱসানৰ ঘটাই অৱশেষত তালিবানে দখল কৰিলে আফগানিস্তানৰ শাসনৰ বাঘজৰী ৷ ইফালে তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ লগে লগে দেশৰ ত্যাগ কৰিছে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে কাবুলৰ দিশে তালিবান আগবাঢ়ি অহাৰ লগে লগে ঘানীয়ে দেশৰ পৰা পলায়ন কৰে ৷ ইয়াৰ লগে লগে দেশৰ নাগৰিক সকলৰ লগতে বিদেশীসকলেও দেশখনৰ পৰা প্ৰস্থানৰ বাবে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক :ঘানীৰ আত্মসমৰ্পণ: তালিবানৰ হাতত আফগানিস্তানৰ বাঘজৰী
নাম প্ৰকাশ নকৰাৰ চৰ্তত দুগৰাকী বিষয়াই ঘানীয়ে দেশ ত্যাগ কৰাৰ কথা সংবাদমাধ্যমক জানিবলৈ দিছিল ৷ পাচত Afghan National Reconciliation Councilৰ মুৰব্বী আব্দুল্লাহ আব্দুল্লাই ঘানীৰ দেশ ত্যাগৰ খবৰটো নিশ্চিত কৰে ৷ ঘানীৰ এই পদক্ষেপত অসন্তুষ্টি ব্যক্ত কৰি আব্দুল্লাই কয় যে, "এক কঠিন সময়ত তেওঁ দেশ ত্যাগ কৰিছে ৷ ঈশ্বৰে তেওঁক জবাবদিহি কৰিব" ৷
সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি সহায়কসকলৰ সৈতে ৰাষ্ট্ৰপতিয়ে আফগানিস্তান ত্যাগ কৰিছে ৷