অসম

assam

By

Published : Jul 22, 2020, 12:20 PM IST

ETV Bharat / international

তালিবান সন্ত্ৰাসবাদীক হত্যা কৰি নিজ পিতৃ-মাতৃৰ হত্যাৰ প্ৰতিশোধ ল'লে কিশোৰীয়ে

কামাৰ গুল নামৰ এগৰাকী প্ৰায় 14-16 বছৰীয়া কিশোৰীয়ে নিজৰ পিতৃ-মাতৃৰ হত্যাৰ প্ৰতিশোধ ল'লে দুজনকৈ তালিবান সন্ত্ৰাসবাদীক হত্যা কৰি ৷

নিজ পিতৃ-মাতৃৰ হত্যাৰ প্ৰতিশোধ ল'লে কিশোৰীয়ে
নিজ পিতৃ-মাতৃৰ হত্যাৰ প্ৰতিশোধ ল'লে কিশোৰীয়ে

ইন্টাৰশ্যনেল ডেস্ক, 22 জুলাই:এগৰাকী আফগানী কিশোৰীয়ে দুই তালিবান সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰাৰ লগতে কেইবজনো সন্ত্ৰাসবাদীক আঘাত কৰে ৷ কিয়নো কিছুদিন পূৰ্বে কিশোৰী গৰাকীৰ পিতৃ-মাতৃক তেওঁলোকৰ ঘৰৰ পৰা চোঁচৰাই আনি হত্যা কৰিছিল সন্ত্ৰাসবাদী কেইজনে ৷ এই বিষয়ে মঙলবাৰে সংবাদ মাধ্যমযোগে জানিবলা দিয়ে শীৰ্ষ বিষয়া এগৰাকীয়ে ৷

গাল্ফ নিউজে প্ৰদান কৰা প্ৰতিবদেন অনুসৰি, বিগত সপ্তাহত ঘোৰৰ মধ্য প্ৰান্তত অৱস্থিত এখন গাঁৱৰ কিশোৰী কামাৰ গুলৰ বাসগৃহত চলিছিল আক্ৰমণ ৷

স্থানীয় আৰক্ষী প্ৰধান হাবিবুৰ ৰহমান মালেকজাদাই সংবাদ মাধ্যমযোগে জানিবলৈ দিয়া মতে, সন্ত্ৰাসবাদী কেইজনে কিশোৰী গৰাকীৰ পিতৃৰ সন্ধান কৰি আছিল ৷

মালেকজাদাই কয়, কিশোৰী গৰাকীৰ পিতৃ আছিল এগৰাকী চৰকাৰী সমৰ্থক ৷ সেই বাবেই কিশোৰী গৰাকীৰ বাসগৃহত প্ৰৱেশ কৰি তেওঁৰ পিতৃক ঘৰৰ পৰা বাহিৰলৈ টানি আনে ৷

তেওঁৰ পত্নীয়ে যেতিয়া তেওঁক বচাবলৈ আহে তেতিয়া তালিবান সন্ত্ৰাসবাদী কেইজনে ঘৰৰ বাহিৰত দুয়োগৰাকী স্বামী-স্ত্ৰীক হত্যা কৰে ৷

ঘৰৰ ভিতৰত থকা কামাৰ গুলে তেওঁলোকৰ ঘৰত থকা এটা AK-47 বন্দুকেৰে প্ৰথমে তেওঁৰ পিতৃ-মাতৃক হত্যা কৰা সন্ত্ৰাসবাদী দুজনক হত্যা কৰে আৰু আন কেইবাজনো লগত অহা লোকক আঘাত কৰে ৷

কেইবাগৰাকীও শীৰ্ষ বিষয়াই উল্লেখ কৰে অনুসৰি, গুলৰ বয়স হ'ব প্ৰায় 14 ৰ পৰা 16 বছৰৰ ভিতৰত ৷

পৰৱৰ্তী সময়ত আৰু কেইবাগৰাকীও তালিবান সন্ত্ৰাসবাদীয়ে তেওঁৰ ঘৰত আক্ৰমণ কৰিবলৈ আহে ৷ কিন্তু গাঁওবাসী আৰু কেইবাগৰাকীও চৰকাৰ সমৰ্থকে তেওঁলোকক সেই গাঁৱৰ পৰা খেদি পঠিয়ায় তেওঁলোকৰ মাজত হোৱা গুলীয়াগুলীৰ পাচত ৷

লগতে পঢ়ক:মালাবাৰত নৌ সেনাৰ অনুশীলনত যোগ দিবলৈ ভাৰতে অষ্ট্ৰেলিয়াক আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details