ইণ্টাৰনেশ্যনেল ডেস্ক ,১৭ আগষ্ট :আফগানিস্তানৰ ভয়ংকৰ ছবি এতিয়া সকলোৱে দেখিছে । তালিবানে (Taliban) ৰাজধানী চহৰ কাবুল দখল কৰাৰ লগে লগে এতিয়া দেশখনত অস্থিৰ পৰিৱেশে বিৰাজ কৰিছে । ৰাষ্ট্ৰপতি ভৱন (presidential palace) দখল কৰাৰ লগে লগে দেশখন তালিবানে পৰিচালনা কৰাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে ।
সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি ভৱিষ্যতৰ চৰকাৰী কাৰ্য-কলাপ নিজৰ হাতলৈ নিয়াৰ পৰিকল্পনা সন্দৰ্ভত কাটাৰৰ ৰাজধানী ডোহাত আলোচনা কৰি আছে তালিবানে । বাতৰি অনুসৰি ভৱিষ্যতৰ চৰকাৰ, ইয়াৰ আন্তঃগাঁথনি, প্ৰক্ৰিয়া সন্দৰ্ভত তালিবানে প্ৰতিবেদন প্ৰকাশ কৰিব বুলি আশা কৰা হৈছে । সন্ত্ৰাসবাদী দলটোৱে আফগানিস্তানত চৰকাৰ গঠনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় আৰু আন্তঃআফগান দলসমূহৰ সৈতে যোগাযোগ কৰি আছে ।
বিশেষ বাতৰিটোত প্ৰকাশ পোৱা মতে তালিবানৰ উপনেতা মোল্লা আব্দুল গণি বাৰাদাৰে উল্লেখ কৰিছে যে, তালিবানে এই সময়ত এক পৰীক্ষাৰ সন্মুখীন হৈছে কাৰণ এতিয়া জনসাধাৰণৰ নিৰাপত্তাৰ দায়িত্ব তেওঁলোকৰ হাতত আছে । উল্লেখ্য যে, দেওবাৰে তালিবানে কাবুলত প্ৰৱেশ কৰে আৰু ৰাষ্ট্ৰপতি ভৱন দখল কৰে । কেৱল এয়াই নহয়, ৰাজধানীৰ প্ৰতিটো অঞ্চলতে এতিয়া তালিবানৰ সদস্যসকল আছে আৰু কাবুলৰ ৰাজপথত তালিবানে মুক্ত বিচৰণ কৰি আছে ।