ভাৰতৰ সৈতে পাকিস্তানৰ বাণিজ্যিক সম্পৰ্ক প্ৰত্যাহাৰৰ সন্দৰ্ভত বিদেশ মন্ত্ৰালয়ৰ সংবাদমেল
শেহতীয়াকৈ পাকিস্তানে ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্কত স্থগিত ঘোষণা কৰাৰ সন্দৰ্ভত সংবাদমেলৰ সম্বোধন বিদেশ মন্ত্ৰালয়ৰ ৷
নিউজ ডেক্স, 9 আগষ্টঃশুক্ৰবাৰে ভাৰতীয় বৈদেশিক মন্ত্ৰাণালয়ে সংবাদমেলৰ আহ্বান কৰি অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ ঠিক পিছতে পাকিস্তানে ভাৰতৰ সৈতে বাণিজ্যিক ও বৈদেশিক সম্পৰ্ক স্থগিত কৰা ঘোষণা সন্দৰ্ভত দেশখনৰ এই সিদ্ধান্তক একপক্ষীয় বুলি অভিহিত কৰে ৷ ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কয়, "আমি দেশখনক তেওঁলোকৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছো, কাৰণ দেশখনৰ এই পদক্ষেপে দুই দেশৰ দ্বি-পাক্ষিক সম্পৰ্কক বিঘ্নিত কৰিব৷" মুখপাত্ৰ গৰাকীয়ে জম্মু-কাশ্মীৰ ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি মন্তব্য কৰি পাকিস্তানক সত্যতাৰ শৈতে সহমত ৰাখি ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ৷