অসম

assam

ETV Bharat / international

IS-Kৰ তালিবান আৰু হাক্কানি নেটৱৰ্কৰ সৈতে আছে সম্পৰ্ক: আমৰুল্লাহ চালেহ

তালিবানক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য আফগানিস্তানৰ স্ব-ঘোষিত 'তত্বাৱধায়ক ৰাষ্ট্ৰপতি' আমৰুল্লাহ চালেহ(Amrullah Saleh)ৰ । তেওঁ কয় যে, 'ইছলামিক ষ্টেট-খোৰাছান প্ৰদেশ'(Islamic State-Khorasan Province) আৰু হাক্কানি নেটৱৰ্ক(Haqqani network)ৰ সৈতে তালিবানৰ সম্পৰ্ক আছে ।

According to amrullah-saleh IS-K has links with Taliban, Haqqani network
তালিবানক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য আমৰুল্লাহ চালেহৰ

By

Published : Aug 27, 2021, 1:21 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ আগষ্ট: আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ মুখ্য প্ৰৱেশ দ্বাৰৰ সমীপত আৰু হোটেল বেৰনৰ ওচৰত দুটাকৈ বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে 'ইছলামিক ষ্টেট-খোৰাছান প্ৰদেশ'(Islamic State-Khorasan Province) আৰু তালিবানৰ সম্পৰ্কক লৈ উত্থাপন হৈছে বহু প্ৰশ্ন । আফগানিস্তানৰ পৰা বিমানেৰে স্থানান্তৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে বিমানবন্দৰৰ সমীপতে বিস্ফোৰণ সংঘটিত হোৱা ঘটনাই শংকিত কৰি তুলিছে দেশখন ত্যাগ কৰি বিচৰা লোককো । কিয়নো, কাবুল বিমানবন্দৰৰ পৰাই আন দেশৰ নাগৰিকক স্থানান্তৰ কৰি থকা হৈছে ।

আনহাতে, বিস্ফোৰণ সংঘটিত হোৱাৰ পাছত তালিবানে 'ইছলামিক ষ্টেট-খোৰাছান প্ৰদেশ'ৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰিছিল । কিন্তু তালিবানৰ এই মন্তব্যৰ সমালোচনা কৰি আফগানিস্তানৰ স্ব-ঘোষিত 'তত্বাৱধায়ক ৰাষ্ট্ৰপতি' আমৰুল্লাহ চালেহে(Amrullah Saleh) কয় যে, 'ইছলামিক ষ্টেট-খোৰাছান প্ৰদেশ'(Islamic State-Khorasan Province) আৰু হাক্কানি নেটৱৰ্ক(Haqqani network)ৰ সৈতে তালিবানৰ সু-সম্পৰ্ক আছে ।

তেওঁ কয় যে, তালিবানে 'ইছলামিক ষ্টেট-খোৰাছান প্ৰদেশ'ৰ সৈতে সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰা আৰু পাকিস্তানে কোৱেট্টা চুৰাৰে সম্পৰ্ক নথকা বুলি কোৱা দুয়োটা একে কথা ।

টুইটযোগে চালেহে দাবী কৰিছে যে, তেওঁৰ হাতত প্ৰমাণ আছে যে, IS-Kৰ বিভিন্ন গোটৰ মূল শিপাডাল তালিবান আৰু হাক্কানি নেটৱৰ্কৰে জড়িত হৈ আছে । বিশেষকৈ উগ্ৰপন্থী সংগঠনটোৰ কাবুলত কাম কৰি থকা গোটবোৰ জড়িত হৈ আছে তালিবানৰ সৈতে । ইয়াৰ পূৰ্বে, চালেহে আফগানিস্তানত বিশৃংখলতা সৃষ্টি কৰাৰ বাবে তালিবানক বিস্ফোৰক সামগ্ৰী যোগান ধৰিবলৈ সন্ত্ৰাসবাদীৰ কাৰখানা আৰু সংস্থা স্থাপনৰ বাবে পাকিস্তানক দোষাৰোপ কৰিছিল ।

লগতে কোৱেট্টা চুৰা পাকিস্তানী সামৰিক বাহিনীৰ পৰিকল্পনা ৰূপায়ণৰ আহিলাৰ বাহিৰে আন একো নহয় বুলি তেওঁ মন্তব্য কৰে । আনহাতে, সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটে বৃহস্পতিবাৰে আফগানিস্তানৰ কাবুল বিমানবন্দৰৰ সমীপত হোৱা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে ।

আফগানিস্তানৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দুটাকৈ হোৱা বিস্ফোৰণত প্ৰায় ৬০ জন লোক নিহত হয় আৰু ১৪০ জন লোক আহত হয় । আনহাতে, দ্য নিউয়ৰ্ক টাইমছত উল্লেখ কৰা মতে, তালিবানৰ এজন মুখপাত্ৰই প্ৰকাশ কৰিছে যে এই বিস্ফোৰণত ১৩ জন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে ৬০ জন লোক আহত হয় ।

প্ৰথম বিস্ফোৰণটো কাবুল বিমানবন্দৰৰ এবে গেটত সংঘটিত হৈছিল আৰু দ্বিতীয়টো বোমা বেৰন হোটেলৰ ওচৰত বিস্ফোৰণ হৈছিল ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে কয় যে, কাবুল বিমানবন্দৰত হোৱা আক্ৰমণৰ আঁৰত ইছলামিক ষ্টেট-খোৰাছান সন্ত্ৰাসবাদী গোট জড়িত হৈ আছে । বাইডেনে লগতে কয়, তালিবানে আফগানিস্তান অধিগ্ৰহণৰ কৰাৰ সময়ত কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত ইছলামিক ষ্টেট-খোৰাছানে আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বাহিনী আৰু আন লোকসকলক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে ।

লগতে পঢ়ক:আফগানিস্তানত থকা মাৰ্কিন নাগৰিকক আমেৰিকালৈ উভতিবলৈ অনুমতি তালিবানৰ

ABOUT THE AUTHOR

...view details