ইণ্টাৰনেশ্যনেল ডেস্ক, 5 ছেপ্তেম্বৰ : আফগানিস্তানৰ উত্তৰ অঞ্চলৰ পঞ্জশিৰত প্ৰায় 600 তালিবানী সদস্যক হত্যা কৰা হৈছে ৷ শনিবাৰে আফগান ৰেজিষ্টেন্স ফ’ৰ্চে (resistance forces) স্পুটনিকৰ আগত সদৰী কৰে এই কথা ৷
"শনিবাৰে পুৱাৰ পৰা পঞ্জশিৰৰ বিভিন্ন জিলাত প্ৰায় 600 জন তালিবানী সদস্যক হত্যা কৰা হৈছে ৷ বৰ্তমানলৈকে 1000 তকৈ অধিক তালিবানী সদস্যই আত্মসমৰ্পণ কৰিছে" ৷ ৰেজিষ্টেন্স ফ’ৰ্চৰ মুখপাত্ৰ ফহিম দস্তিয়ে টুইটযোগে সদৰী কৰে এই কথা ৷
মুখপাত্ৰগৰাকীয়ে লগতে কয়, আফগানিস্তানৰ বিভিন্ন প্ৰদেশৰ পৰা সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে তালিবান ৷ সমান্তৰালকৈ অঞ্চলটোত ঠায়ে ঠায়ে লেণ্ডমাইন স্থাপন কৰাৰ বাবে ৰেজিষ্টেন্স ফ’ৰ্চৰ ওপৰত তালিবানৰ আক্ৰমণ কিছু হ্ৰাস পাইছে ৷