অসম

assam

ETV Bharat / international

শান্তি আলোচনা স্থগিত থকাৰ মাজতে আফগান সেনাৰ আক্ৰমণত 90 উগ্ৰপন্থীৰ মৃত্যু

বৃহস্পতিবাৰে আফগান বাহিনীয়ে যুঁজাৰু বিমানেৰে বালখ প্ৰদেশৰ চাৰবোলক জিলাৰ আক্তেপা অঞ্চলত থকা এটা তালিবান উগ্ৰপন্থী ঘাটিত আক্ৰমণ কৰে ৷ য'ত তিনিজন স্থানীয় কমাণ্ডাৰসহ ১১ জন উগ্ৰপন্থীৰ মৃত্যু হৈছিল ৷ চিন্হুয়া সংবাদ সংস্থাৰ সেনাৰ এজন শীৰ্ষ বিষয়াই উদ্ধৃতি দিছিল ।

শান্তি আলোচনা স্থগিত হৈ থকাৰ মাজতে আফগান বাহিনীৰ আক্ৰমণত 90 উগ্ৰপন্থীৰ মৃত্যু
শান্তি আলোচনা স্থগিত হৈ থকাৰ মাজতে আফগান বাহিনীৰ আক্ৰমণত 90 উগ্ৰপন্থীৰ মৃত্যু

By

Published : Feb 12, 2021, 1:04 PM IST

ইন্টাৰনেচনেল ডেস্ক,12 ফেব্ৰুৱাৰীঃ দোহাত শান্তি আলোচনা স্থগিত হৈ থকাৰ মাজতে আফগান বাহিনীয়ে তালিবান উগ্ৰপন্থীৰ বিৰুদ্ধে বিমান আক্ৰমণ কৰাৰ ফলত বিগত দুদিনত ৯০ ৰো অধিক উগ্ৰপন্থী নিহত হৈছে বুলি বিশেষ সুত্ৰই সদৰি কৰিছে ৷

জানিব পৰা মতে, বৃহস্পতিবাৰে আফগান বাহিনীয়ে যুঁজাৰু বিমানেৰে বালখ প্ৰদেশৰ চাৰবোলক জিলাৰ আক্তেপা অঞ্চলত থকা এটা তালিবান উগ্ৰপন্থী ঘাটিত আক্ৰমণ কৰে ৷ য'ত তিনিজন স্থানীয় কমাণ্ডাৰসহ ১১ জন উগ্ৰপন্থীৰ মৃত্যু হৈছিল ৷ চিন্হুয়া সংবাদ সংস্থাৰ আগত আফগান সেনাৰ এজন শীৰ্ষ বিষয়াই উদ্ধৃতি দিছিল ।

বিষয়াজনৰ মতে, চৰ্টীবোৰ বৃহস্পতিবাৰে আবেলি ১ বাজি ২৫ মিনিটত আৰম্ভ কৰা হৈছিল । বুধবাৰে, একেটা অঞ্চলত হোৱা এয়াৰষ্ট্ৰাইকতে ৩১ জন বিদ্ৰোহীৰ মৃত্যু হৈছিল ৷ ইপিনে দিনটোৰ আগবেলা অকতেপাৰ চুবুৰীয়া গোৰ্তেপা গাঁৱত এয়াৰইষ্ট্ৰাইক চলোৱা হৈছিল,য’ত ২৬ জন উগ্ৰপন্থীৰ মৃত্যু হৈছিল ।

দোহাত স্থগিত শান্তি আলোচনাৰ মাজতে আফগান বাহিনীয়ে তালিবান উগ্ৰপন্থীৰ বিৰুদ্ধে বিমান আক্ৰমণ তীব্ৰতৰ কৰাৰ বাবে যোৱা দুই দিনত ৯০ ৰো অধিক উগ্ৰপন্থী নিহত হৈছে ৷

লগতে পঢ়কঃ 18 ফেব্ৰুৱাৰীৰ পৰা পৰ্যটকৰ বাবে মুকলি ৰামোজী ফিল্ম চিটি

ABOUT THE AUTHOR

...view details