নিউজ ডেস্ক , ৩০ জানুৱাৰী :শনিবাৰে আফগানিস্তানৰ নাংগাৰহাৰ প্ৰদেশৰ এটা সামৰিক ঘাটিৰ সমীপত বোমা বিস্ফোৰণত নিহত হয় ৮ জনকৈ আফগান সৈনিক । প্ৰদেশৰ চৰকাৰে প্ৰকাশ কৰা বিবৃতি মতে সন্ত্ৰাসবাদীয়ে পুৱা শিৰজাদ জিলাৰ গান্দুমাক অঞ্চলত বিস্ফোৰক ভৰ্তি বাহনেৰে সামৰিক ঘাটিত বিস্ফোৰণ কৰাত নিহত হয় সৈনিক কেইজনৰ । ইতিমধ্য়ে তালিবানে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰে ।
বোমা বিস্ফোৰণত নিহত ৮ জন আফগান সৈনিক - ৮ জনকৈ সৈনিক নিহত হয়
আফগানিস্তানৰ এটা সৈনিকৰ ঘাটিৰ সমীপত সন্ত্ৰাসবাদীয়ে বোমা ভৰ্তি বাহন বিস্ফোৰণ কৰাৰ ফলত প্ৰায় ৮ জনকৈ সৈনিক নিহত হয় ।
![বোমা বিস্ফোৰণত নিহত ৮ জন আফগান সৈনিক বোমা বিস্ফোৰণত নিহত ৮ জন আফগান সৈনিক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10435932-498-10435932-1612000617533.jpg)
বোমা বিস্ফোৰণত নিহত ৮ জন আফগান সৈনিক
সন্ত্ৰাসবাদী সংগঠনটোৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে এক বিবৃতিযোগে দাবী কৰে যে সংগঠনটোৰ মুল্লাহ মহম্মদ য়ুছুফ কানধাৰীয়ে এই আত্মঘাটি বোমাটো বিস্ফোৰণ কৰিছিল য'ত নিহত হোৱাৰ লগতে ৫০ জনকৈ সৈনিক আহত হয় । অৱশ্য়ে সন্ত্ৰাসবাদী সংগঠনটোৰ দাবী এতিয়াও নিশ্চিত হোৱা নাই ।
লগতে পঢ়ক :আমেৰিকাৰ সৈতে পাৰমাণিক চুক্তি সম্প্ৰসাৰণত স্বাক্ষৰ পুটিনৰ