অসম

assam

By

Published : Dec 26, 2020, 10:17 AM IST

ETV Bharat / international

আফগানিস্তান বিমান আক্ৰমণত নিহত সাত তালিবানী সন্ত্ৰাসবাদী

আফগানিস্তানৰ বাল্খ প্ৰান্তৰ চোমতাল জিলাত হোৱা বিমান আক্ৰমণত নিহত সাতজন তালিবানী সন্ত্ৰাসবাদী । আহত হয় পাঁচজনকৈ । আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদী কেইজনৰ অস্ত্ৰ-সস্ত্ৰ,বোমা-বাৰুদ ধ্বংস কৰা হয় ।

আফগানিস্তান বিমান আক্ৰমণত নিহত সাত তালিবানী সন্ত্ৰাসবাদী
আফগানিস্তান বিমান আক্ৰমণত নিহত সাত তালিবানী সন্ত্ৰাসবাদী

ইন্টাৰনেশ্যনেল ডেস্ক, ২৬ ডিচেম্বৰ: শুকুৰবাৰে আফগানিস্তানৰ বাল্খ প্ৰান্তৰ চোমতাল জিলাত সেনাৰ অভিযানত বিমান আক্ৰমণত নিহত হয় সাতজন তালিবানী সন্ত্ৰাসবাদী । লগতে আহত হয় পাঁচজন সন্ত্ৰাসবাদী। আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদী কেইজনৰ লগত থকা বৃহৎ পৰিমাণৰ অস্ত্ৰ-সস্ত্ৰ, বোমা-বাৰুদ ধ্বংস কৰা হয় । বাল্খ প্ৰান্তৰ উপৰিও ফাৰাহ প্ৰান্তৰ বালা বলোক জিলাতো আঠজন তালিবানী সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে তিনি তালিবানী সন্ত্ৰাসবাদী আহত হয় । আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা টুইটযোগে এই কথা সদৰী কৰে ।

উল্লেখ্য যে তালিবানী সন্ত্ৰাসবাদীয়ে পাকিস্তানত প্ৰৱেশ কৰি সন্ত্ৰাসবাদী কাৰু-কাৰ্য অব্যাহত ৰখাৰ এক ভিডি'অ প্ৰত্যক্ষ কৰে আফগানিস্তান প্ৰতিৰক্ষা মন্ত্ৰালয়ে। পৰৱৰ্তী সময়ত মন্ত্ৰালয়ে কয় যে পাকিস্তানত তালিবানী সন্ত্ৰাসবাদীয়ে এইদৰে প্ৰৱেশ কৰাত আফগানিস্তানৰ জাতীয় সাৰ্বভৌমত্বৰ উলংঘন কৰিছে । যাৰ ফলত শুকুৰবাৰে এই অভিযান চলায় ।

লগতে পঢ়ক: ভাৰতৰ কৃষক বিদ্ৰোহ সন্দৰ্ভত পম্পিঅ'লৈ পত্ৰ ৭ গৰাকী মাৰ্কিন আইন প্ৰণেতাৰ

ABOUT THE AUTHOR

...view details