ইণ্টাৰনেশ্যনেল ডেস্ক, ২১ নৱেম্বৰ: আফগানিস্তানৰ ৰাজধানী কাবুলত দুটা আই ই ডি বিস্ফোৰণৰ পিছতে ৰকেটেৰে আক্ৰমণ। ১৪টা ৰকেটেৰে কৰা এই আক্ৰমণত ৬ জন লোক নিহত হোৱাৰ লগতে ২৫ জনৰো অধিক লোক আহত হয়। মৃত্যু হোৱা ৬ জন লোকৰ ভিতৰত ৫ জন ৰকেট আক্ৰমণত আৰু এজন আই ই ডি বিস্ফোৰণত মৃত্যু হয় । ছিন্হুৱা নিউজৰ মতে, স্বাস্থ্য মন্ত্ৰালয়ৰ সংবাদ কাৰ্যালয়ে জনাইছে যে, আৰক্ষী জিলা ৭ আৰু আৰক্ষী জিলা ১৭ৰ দুটা পৃথক স্থানৰ পৰা দুখন ট্ৰাকৰ পৰা ১৪টা ৰকেটেৰে আক্ৰমণ কৰে । ৰকেটকেইটাৰে পুলিচ জিলা ১০, ৪ আৰু ২ত আক্ৰমণ কৰে বুলি ছিন্হুৱা নিউজক জনাইছে আভ্যন্তৰীণ পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ টাৰিক আৰিয়ানে ।
কাবুলত ৰকেট আক্ৰমণ : ৬জন নিহত, ২৫ জনৰো অধিক আহত - ক্তাক্ত আফগানিস্তানৰ কাবুল
ৰকেট আক্ৰমণত ৰক্তাক্ত আফগানিস্তানৰ কাবুল। দুটা আই ই ডি বিস্ফোৰণৰ পিছতে কাবুলৰ কেইবাটাও স্থানত ১৪টা ৰকেটেৰে আক্ৰমণ। এই আক্ৰমণত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। কোনো সন্ত্ৰাসবাদী সংগঠনে এতিয়ালৈকে স্বীকাৰ কৰা নাই আক্ৰমণৰ দায়িত্ব।
আভ্যন্তৰীণ পৰিক্ৰমা বিভাগে প্ৰকাশ কৰিছে যে, ডাউনটাউন কাবুলৰ ৱজীৰ আকবৰ খান আৰু চহৰ-ই-নাও অঞ্চলঃচহৰ কালা, পুলিচ জিলা ৪ ত দ্য গুল-ই-চুৰ্খ, ছেডাৰট ৰাউণ্ডাবাউটঃ দ্য স্পিঞ্জাৰ ৰোড, পুলিচ জিলা ৪ত নেশ্যনেল আৰ্কাইভ ৰোডৰ সমীপত, লাইছি মেৰীয়াম মাৰ্কেট আৰু পনঞ্জৰ ফেমিলি অঞ্চলত ৰকেটেৰে আক্ৰমণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে ট'ল' নিউজে । আনহাতে, চহৰখনৰ চেহেল চুতোন আৰু আৰ্জান কীমট অঞ্চলত দুটা আই ই ডি বিস্ফোৰিত হয়। তালিবানীয়ে এই ঘটনা সংঘটিত কৰাৰ কথা অস্বীকাৰ কৰিছে। বিগত ৫ মাহত কাবুলকে ধৰি মুখ্য আফগানী চহৰসমূহে সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছে।