অসম

assam

ETV Bharat / international

পেছোৱাৰ মাদ্ৰাছা বিস্ফোৰণ : 55 অভিযুক্তক আটক - সন্ত্ৰাসবাদ নিৰ্মূল বিভাগ

পাকিস্তানৰ পেছোৱাৰৰ এক মাদ্ৰাছাত বিস্ফোৰণৰ ফলত আঠজন লোক নিহত আৰু প্ৰায় 136 জন লোক আহত হৈছিল ৷ এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে প্ৰায় 55 জন লোকক আটক কৰিছে ৷

55 অভিযুক্তক আটক
পেছোৱাৰ মাদ্ৰাছা বিস্ফোৰণ

By

Published : Oct 29, 2020, 8:50 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 29 অক্টোবৰ : পাকিস্তানৰ পেছোৱাৰৰ এক মাদ্ৰাছাত বিস্ফোৰণৰ ফলত আঠজন লোক নিহত আৰু প্ৰায় 136 জন লোক আহত হৈছিল ৷ এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে প্ৰায় 55 জন লোকক আটক কৰিছে ৷

বুধবাৰে এক বিবৃতিত আৰক্ষীয়ে কয় যে, ঘটনা সম্পৰ্কত তদন্তৰ বাবে এক বিশেষ তদন্তকাৰী দল গঠন কৰি দিয়া হৈছে ৷ ইয়াৰোপৰি, সন্ত্ৰাসবাদ নিৰ্মূল বিভাগেও অচিনাক্ত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ৷

এক্সপ্ৰেছ ট্ৰিবিউনে প্ৰদান কৰা তথ্য অনুসৰি, মাদ্ৰাছাখনত প্ৰায় 40-50 শিশু উপস্থিত থকাৰ সময়তে এই ঘটনা সংঘটিত হয় ৷ AIG ছাফকাট মালিকে জানিবলৈ দিয়া অনুসৰি, এই ঘটনাত ব্যৱহাৰ কৰা হৈছিল 5 কিল'গ্ৰাম বিস্ফোৰক সামগ্ৰী ৷

বৰ্তমানলৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে এই বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷

লগতে পঢ়ক :লকডাউনৰ পাচত কিয় ভাৰতীয়ই সৰু, ব্যৱহৃত, দুচকীয়া বাহন ক্ৰয় কৰিছে ?

ABOUT THE AUTHOR

...view details