ইন্টাৰনেশ্বনেল ডেস্ক, 3 ফেব্ৰুৱাৰী : ইৰাকৰ মানৱাধিকাৰ আয়োগৰ উচ্চায়ুক্তই সোমবাৰে মন্তব্য কৰে যে, চৰকাৰ বিৰোধী প্ৰতিবাদত সমগ্ৰ ৰাষ্ট্ৰতে 536 জন লোকে মৃত্যুক সাৱটি লোৱাৰ লগতে 23,545 জন লোক আঘাতপ্ৰাপ্ত হৈছে ৷ আয়োগে প্ৰদান কৰা এক বিবৃতি অনুসৰি, 2019 চনৰ 1 অক্টোবৰৰ পৰা 2020 চনৰ 30 জানুৱাৰী পৰ্যন্ত 519 জন প্ৰতিবাদকাৰীৰ লগতে 17 জন সুৰক্ষা কৰ্মীৰ মৃত্যু হৈছে ৷ আনহাতে, 20,026 জন প্ৰতিবাদকাৰী আৰু 3,519 সুৰক্ষী কৰ্মী আঘাতপ্ৰাপ্ত হৈছে ৷
ইৰাকত ব্যাপক পৰিৱৰ্তন, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ, উন্নত সাৰ্বজনীন সেৱা আৰু নিবনুৱাৰ সমস্যা সমাধানৰ বাবে চৰকাৰ বিৰোধী আন্দোলন অব্যাহত আছে ৰাজধানী বাঘদাদত ৷ এক সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, মহম্মদ তৌফিক আল্লাৱিক দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা কৰাৰ পাচতে বাগদাদৰ তাহিৰ স্কোৱেৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল ৷ দেশখনৰ শাসক বৰ্গৰ সৈতে জড়িত থকাৰ বাবে আল্লাৱিক প্ৰধানমন্ত্ৰী হিচাপে গ্ৰহণ কৰিবলৈ অমান্তি হৈছে ইৰাকৰ নাগৰিক ৷