নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ: ক'লা ধোঁৱাই ছানি ধৰিছে ইণ্ডোনেছিয়াৰ জাভা দ্বীপ । মঙলবাৰে দ্বীপটোৰ আটাইতকৈ ওখ পৰ্বত ছেমেৰু পৰ্বতত আগ্নেয়গিৰি উদ্গীৰণ হয় । ইয়াৰ পিছতে হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় । ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিবলৈ ঘৰ এৰি নিৰাপদ স্থানলৈ গৈছে প্ৰায় ৫৫০ জন বাসিন্দা । ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই প্ৰকাশ কৰা মতে, আগ্নেয়গিৰি উদ্গীৰণৰ পিছতে উতলি থকা লাভা আৰু গৰম ধোঁৱা নিৰ্গত হৈছে ।
সংবাদ এজেন্সী ছিন্হুৱাই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ মুখপাত্ৰ ৰাদিত্য জাতিয়ে কৈছে যে, ৩০০ জন বাসিন্দা ইতিমধ্যে অবজাৰ্ভেছন পোষ্টলৈ পলায়ন কৰিছে আৰু আন লোকসকল আশ্ৰয় শিবিৰতে আছে । পূৱ জাভা প্ৰান্তৰ লুমাজং জিলাত জ্বালামুখী মঙলবাৰে পুৱা ১.২৩ বজাত উদ্গীৰণ হয় । পুৱতি নিশা ৩ বজাত অবজাৰ্ভেছন পোষ্টৰ সমীপত জ্বালামুখীৰ ছাঁই বৰষুণৰ পানীৰ সৈতে মিহলি হৈ তললৈ বৈ যায় । ৰাদিত্য জাতিয়ে কয় যে, আমি অনুমান কৰিছো যে. উত্তপ্ত লাভা নিৰ্গত হোৱাৰ বাবে এই পৰিস্থিতিৰ উদ্ভৱ হৈছে । সম্প্ৰতি সাৱধনতা অৱলম্বন কৰা হৈছে ।