ইণ্টাৰনেশ্যনেল ডেস্ক,৮ ফেব্ৰুৱাৰী: দেওবাৰে দক্ষিণ ফিলিপাইনছৰ ডাভাও ডেল সুৰ প্ৰদেশক ভূঁইকপে জোকাৰি যোৱাৰ পিছত এইবাৰ ডাভাও অৰিয়েণ্টেল প্ৰদেশত অনুভূত হ'ল ভূমিকম্পৰ জোকাৰণি । সোমবাৰে পুৱা ৮ বজাত ৫.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় ডাভাও অৰিয়েণ্টেল প্ৰদেশক । ইনষ্টিটিউট অৱ ভলকেন' এণ্ড ছিস্ম'ল'জিয়ে এই কথা প্ৰকাশ কৰে । সোমবাৰে অনুভূত হোৱা ভূমিকম্পৰ জোকাৰণিয়ে বিশেষ ক্ষতিসাধন কৰা নাই বুলি জনাইছে বিভাগীয় কৰ্তৃপক্ষই ।
ফিলিপাইনছত ভূমিকম্পৰ জোকাৰণি
সোমবাৰে পুৱা ফিলিপাইনছত পুনৰ অনুভূত হয় ভূমিকম্পৰ জোকাৰণি । ৫.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় ডাভাও অৰিয়েণ্টেল প্ৰদেশক ।
সোমবাৰে পুৱাই ফিলিপাইনত অনুভূত হ'ল ভূমিকম্পৰ জোকাৰণি
উল্লেখ্য যে, দেওবাৰে ডাভাও ডেল সুৰ প্ৰদেশক জোকাৰি গৈছিল ভূঁইকপে । ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৬.৩ । কাডাপাৱন চহৰ, দক্ষিণ কোটাবাত'ৰ ক'ৰ'ণাডল চহৰ আৰু মিংডানাৰৰ লগতে কেইবাখনো চহৰতো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল ।
লগতে পঢ়ক:ভাৰতীয় বায়ু সেনাত অন্তৰ্ভুক্ত হোৱাৰ দিশে ৰাফেল যুঁজাৰু বিমান