অসম

assam

ETV Bharat / international

সামৰিক বাহিনীৰ বিৰুদ্ধে প্ৰতিবাদঃ ম্যানমাৰত ৩৮ জনৰো অধিক লোকৰ মৃত্যু

ম্যানমাৰত দেওবাৰে সামৰিক বাহিনীৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদৰ সময়ত ৩৮ জনৰো অধিক লোকৰ মৃত্যু । নিৰ্বাচিত চৰকাৰৰ শাসনব্যৱস্থা পুনৰ আৰম্ভ কৰাৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰিছিল এই লোকসকলে ।

By

Published : Mar 15, 2021, 12:42 PM IST

সামৰিক বাহিনীৰ বিৰুদ্ধে প্ৰতিবাদঃ ম্যানমাৰত ৩৮ জনৰো অধিক লোকৰ মৃত্যু
সামৰিক বাহিনীৰ বিৰুদ্ধে প্ৰতিবাদঃ ম্যানমাৰত ৩৮ জনৰো অধিক লোকৰ মৃত্যু

নিউজ ডেস্ক, ১৫ মাৰ্চ: দেওবাৰে ম্য়ানমাৰত নিৰাপত্তা বাহিনীৰ হাতত প্ৰাণ গ'ল ৩৮ জনৰো অধিক লোকৰ । দ্য এছিছটেন্স এছ'চিয়েছন ফৰ পলিটিকেল প্ৰিজনাৰ্ছৰ মতে, নিৰাপত্তা বাহিনীৰ হিংসাত্মক আৰু স্বেচ্ছাচাৰী অভিযানত এতিয়ালৈকে প্ৰায় ১২৬ জন নিৰীহৰ মৃত্যু হৈছে । সমান্তৰালকৈ আহতৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে ।

সামৰিক অভ্যুত্থানৰ বিৰোধিতা কৰাৰ অভিযোগত যোৱা ১৪ মাৰ্চলৈকে মুঠ ২,১৫৬ জন লোকক গ্ৰেপ্তাৰ, অভিযুক্ত বা দণ্ডিত কৰা হৈছে । দ্য এছিছটেন্স এছ'চিয়েছন ফৰ পলিটিকেল প্ৰিজনাৰ্ছৰ তথ্য অনুসৰি, মুঠ ১,৮৩৭ জন লোক এতিয়াও আটকাধীন হৈ আছে । সংস্থাটোৱে জনোৱা মতে, হ্লায়িং থাৰয়াৰ, শ্বে পাই থাৰ, দক্ষিণ ওক্কালাপা, উত্তৰ ওক্কালাপা, উত্তৰ ডেগ'ন, দক্ষিণ ডেগ'ন, থিংগানগিয়ুন, তামৱে, কি মিন টাইন টাউনশ্বিপ, ইয়াংগন অঞ্চল, বাগ' চিটী, মান্দালয় চিটী, কায়াহ ৰাজ্যৰ লৈকাও, কাচিন ৰাজ্যৰ পাকান্তত প্ৰতিবাদ দমন কৰিবলৈ বিস্ফোৰক সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল ।

হ্লায়িং থাৰয়াৰ, ইয়াংগনত জাণ্টা বাহিনীৰ আক্ৰমণত বহু লোকে কৰুণ মৃত্যুক সাৱতিবলগীয়া হৈছে আৰু বহু লোক আহত হৈছে । ২২ জন নাগৰিকৰ মৃত্যু হোৱাৰ লগতে ২০ জনৰো অধিক লোক আহত হৈছে । ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক । একেদৰে বাগ'ত জাণ্টা বাহিনীৰ অভিযানত মহিলাসহ দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৯ জন লোক আঘাতপ্ৰাপ্ত হৈছিল ।

জাণ্টা বাহিনীৰ গুলীত নিহত হোৱা মহিলাগৰাকীৰ মৃতদেহ এটা খালত পেলাই দি আৱৰ্জনাৰে ঢাকি থৈ গৈছিল বুলি স্থানীয় বাসিন্দাসকলে প্ৰকাশ কৰিছে । নিৰস্ত্ৰ শিক্ষাৰ্থী আৰু যুৱকসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ লগতে কিছুমান চহৰত জাণ্টা বাহিনীয়ে কাৰখানা আৰু বিভাগীয় কাৰ্যালয়বোৰো জ্বলাই দিয়ে । উল্লেখ্য যে, যোৱা ১ ফেব্ৰুৱাৰীত সামৰিক বাহিনীয়ে ম্যানমাৰৰ ক্ষমতা নিজৰ দখললৈ নিয়াৰ পিছত দেশখনৰ সাধাৰণ লোক ৰাজপথলৈ ওলাই আহিছে ।

আং ছান চ্যু কিৰ নিৰ্বাচিত চৰকাৰক পুনৰ প্ৰতিষ্ঠা কৰাৰ দাবী জনাই অহা লোকৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে অৱগত হোৱাৰ পিছতো এইসকল লোকে প্ৰতিবাদ অব্যাহত ৰাখিছে । গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ পুনৰুদ্ধাৰৰ বাবে আন্তৰ্জাতিক চাপ বৃদ্ধি হোৱাৰ স্বত্বেও জাণ্টাই এইসকলোবোৰ কথা উপেক্ষা কৰি দেশখন বে-আইনীভাৱে নিজৰ দখলত ৰাখিছে আৰু জনতাৰ প্ৰতিবাদক হিংসামূলকভাৱে দমন কৰি আছে । বহুতো আইন প্ৰণেতাই আনকি ম্য়ানমাৰৰ সামৰিক বাহিনীক সন্ত্ৰাসবাদী সংগঠন হিচাপেও আখ্যা দিছে ।

লগতে পঢ়ক:ৰঙিয়াৰ ভূটান বাছ ষ্টেণ্ডত বৃহৎ পৰিমাণৰ ধন জব্দ

ABOUT THE AUTHOR

...view details