অসম

assam

By

Published : Sep 28, 2021, 12:33 PM IST

ETV Bharat / international

28 ছেপ্তেম্বৰ : বিশ্ব জলাতংক দিৱস

প্ৰতিবছৰে প্ৰায় 50,000 ৰো অধিক লোক ‘ৰেবিজ’ অৰ্থাৎ জলাতংকত আক্ৰন্ত হৈ মৃত্যুমুখত পৰে ৷ ফ্ৰান্সৰ ৰসায়নবিদ তথা সূক্ষ্ম জীৱবিজ্ঞানী লুই পাশ্চৰে পোন প্ৰথমবাৰৰ বাবে ‘ৰেবিজ’ৰ প্ৰতিষেধক উদ্ভাৱন কৰিছিল ৷ ‘ৰেবিজ’ৰ বিষয়ে সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি আৰু ইয়াৰ ভয়াৱহতাৰ বিষয়ে প্ৰচাৰ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 28 ছেপ্তেম্বৰৰ দিনটো ‘বিশ্ব জলাতংক দিৱস’ হিচাপে পালন কৰা হয় ৷

NAT-HN-World Rabies Day-27-09-2021-RKC
28 ছেপ্তেম্বৰ : বিশ্ব জলাতংক দিৱস

নেশ্যনেল ডেস্ক, 28 ছেপ্তেম্বৰ : যদি সংখ্যা হিচাপ কৰো তেন্তে প্ৰতিবছৰে 50,000 ৰো অধিক লোক ‘ৰেবিজ’ অৰ্থাৎ ‘জলাতংক’ত আক্ৰন্ত হৈ মৃত্যুমুখত পৰে ৷ মূলতঃ এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহত ইয়াৰ সংক্ৰমণ অধিক ৷ ‘ৰেবিজ’ৰ বিষয়ে সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি আৰু ইয়াৰ ভয়াৱহতাৰ কথা প্ৰচাৰ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 28 ছেপ্তেম্বৰৰ দিনটো ‘বিশ্ব জলাতংক দিৱস’ হিচাপে পালন কৰা হয় ৷

28 ছেপ্তেম্বৰ লুই পাশ্চৰৰ মৃত্যু তিথি ৷ ফ্ৰান্সৰ ৰসায়নবিদ তথা সূক্ষ্ম জীৱবিজ্ঞানী লুই পাশ্চৰে পোন প্ৰথমবাৰৰ বাবে ‘ৰেবিজ’ৰ প্ৰতিষেধক উদ্ভাৱন কৰিছিল ৷ জলাতংক নিয়ন্ত্ৰণ আৰু নিৰ্মূলৰ বাবে এক স্বাস্থ্য কৌশলগত আঁচনি প্ৰস্তুত কৰাত চৰকাৰক সহায় কৰাটো ‘ইউনাইটেড এগেইনষ্ট ৰেবিজ সহযোগিতাৰ দ্বাৰা বিকশিত উপলব্ধ সঁজুলি আৰু নিৰ্দেশনাৰ ওপৰত আধাৰিত ।

OIE ৰ আন্তঃৰাষ্ট্ৰীয় মানদণ্ড, WHO ৰ মাৰ্গ দৰ্শন আৰু আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য অধিনিয়মসমূহৰ পালন কৰিবলৈ পশু চিকিৎসা সেৱাসমূহ আৰু মানৱ স্বাস্থ্য প্ৰণালীৰ সমৰ্থন কৰে ৷ OIE ৰ জলাতংক ভেকচিন বেংকৰ মাধ্যমেৰে উচ্চ মানদণ্ডৰ প্ৰতিষেধক বিতৰণ কৰা হয় ৷ ইয়াৰ উপৰিও দক্ষতা পৰীক্ষা আৰু সংগঠনৰ জৰিয়তে জলাতংকৰ পৰীক্ষাগাৰৰ নিদানিক পৰীক্ষাৰ সামৰ্থ বিকাশ কৰা হয় ৷

জলাতংক কি ?

‘ৰেবিজ’ বা ‘জলাতংক’ হ’ল এক জুনোটিক ৰোগ যি ৰোগ জীৱ-জন্তুৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত হয় ৷ এই ৰোগ ঘৰুৱা আৰু বনৰীয়া জন্তুৱে বিয়পায় ৷ সংক্ৰমিত কোনো জন্তুৰ সংস্পৰ্শলৈ আহিলেই কোনো ব্যক্তি এই ৰোগত আক্ৰান্ত হ’ব পাৰে ৷ বিশেষকৈ জন্তুৰ লেলাউটি, কামুৰিলে বা আঁচোৰ পৰিলে এই ৰোগ বিয়পিব পাৰে ৷

জলাতংকত আক্ৰান্ত কুকুৰৰ পৰা এছিয়া আৰু আফ্ৰিকাত প্ৰায় 3 হাজাৰ মিলিয়ন লোক আক্ৰান্ত হয় ৷ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ অধিকাংশই গ্ৰামাঞ্চলৰ, য’ত সঠিক পোষ্ট-এক্সপ’জাৰ প্ৰফিলেক্সিছৰ প্ৰৱেশাধিকাৰ সীমিত বা অস্তিত্বহীন ৷

যদিও সকলো বয়সৰ লোকেই এই ৰোগত আক্ৰান্ত হয় কিন্তু বিশেষকৈ 15 বছৰৰ অনুৰ্ধৰ শিশুসকলৰ মাজত এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক ৷ গড় হিচাপত 5-14 বছৰ বয়সৰ শিশুক এক্সপ’জাৰ-পৰৱৰ্তী প্ৰফিলেক্সিছ ৰেজিমেণ্টৰ 40% প্ৰদান কৰা হয় আৰু ইয়াৰ বেছিভাগই পুৰুষ।

পোহনীয়া কুকুৰক ৰেবিজত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰি মানুহৰ মাজত এই ৰোগ বিয়পাত বাধা দিয়াটো এছিয়া আৰু আফ্ৰিকা মহাদেশৰ এক বৃহৎ অংশৰ বাস্তৱ লক্ষ্য ৷ লগতে মানুহৰ বাবে এক্সপোজাৰ প্ৰফিলেক্সিছ বন্ধ কৰাটো ভৱিষ্যতৰ সঞ্চয়ৰ দ্বাৰা আৰ্থিকভাৱে ন্যায়সংগত ।

মানৱ ৰেবিজ :

বিশ্ব স্বাস্থ্য সংস্থাই অনুমান কৰিছে যে 99 শতাংশ মানৱ জলাতংকৰ ঘটনা সংক্ৰমিত কুকুৰৰ কামোৰৰ দ্বাৰা বিয়পে ৷ এই সংক্ৰমণৰ ফলত প্ৰতি বছৰে হাজাৰ হাজাৰ লোকৰ মৃত্যু হয় । আফ্ৰিকা আৰু এছিয়াত এই সংখ্যা অধিক ।

ৰেবিজৰ ফলত হোৱা প্ৰতি 10 টা মৃত্যুৰ ঘটনাৰ ভিতৰত চাৰিটাই 15 বছৰৰ তলৰ শিশুৰ ৷ কিন্তু কোনো সন্দেহযুক্ত জন্তুৰ সংস্পৰ্শলৈ অহাৰ পিছতে কামোৰা ঠাইডোখৰ ভালদৰে পানী আৰু চাবোনেৰে ধুই দিলে জীৱন ৰক্ষা পৰিব পাৰে ৷

কিন্তু ইয়াৰ লগতে এয়াও গুৰুত্বপূৰ্ণ যে, দুৰ্যোগপূৰ্ণ আৰু ভিতৰুৱা স্থানসমূহত থকা লোকসকলে প্ৰতিষেধক সময়ত লাভ কৰাটোও জৰুৰী ৷ সমস্যাৰ ভয়াৱহতা আৰু কুকুৰে কামোৰৰ পিছত চিকিৎসা প্ৰদান কৰাৰ প্ৰয়োজনীয়তা অধিক ৷ প্ৰতিবছৰে পৃথিৱীত প্ৰায় 15 মিলিয়নতকৈও অধিক লোক কুকুৰে কামোৰাৰ পিছত প্ৰতিষেধক গ্ৰহণ কৰে ৷

ৰেবিজৰ লক্ষণ :

ৰেবিজৰ প্ৰাৰম্ভিক লক্ষণ হ’ল দুৰ্বল অনুভৱ কৰাৰ লগতে অস্থিৰতা, জ্বৰ, মূৰৰ বিষ ৷ এই লক্ষণসমূহ কেইবাদিনলৈ থাকিব পাৰে ৷ কামোৰা স্থানডোখৰত অস্থিৰতা, খজুৱতি আদি অনুভৱ হয় ৷ এই লক্ষণসমূহ পিছলৈ মস্তিস্কৰ শিথিলতা, চিন্তা, ভ্ৰম আদিৰ দৰে তীব্ৰ লক্ষণত পৰিণত হয় ৷

লাহে লাহে ৰোগ বৃদ্ধি হ’লে আক্ৰান্ত লোকজনে প্ৰলাপ বকা, অসামান্য ব্যৱহাৰ, মতিভ্ৰম, হাইড্ৰ’ফ’বিয়া (পানীলৈ ভয়), অনিদ্ৰা আদি লক্ষণে দেখা দিয়ে ৷ ৰোগটোৰ তীব্ৰতাৰ ম্যাদ সাধাৰণতে 2 ৰ পৰা 10 দিনৰ পিছত সমাপ্ত হয় ।

ৰেবিজ 100 শতাংশই প্ৰতিৰোধ্য

কুকুৰে কামোৰৰ পিছত জীৱন ৰক্ষক উপচাৰসমূহ সঠিক সময়ত লাভ কৰাটো সুনিশ্চিত কৰিলে ৰেবিজক 100 শতাংশই প্ৰতিৰোধ কৰিব পাৰি ৷ ভয়াৱহতা হ্ৰাস কৰাৰ বাবে পোহনীয়া জন্তুৰ গাতেই এই ৰোগৰ সংক্ৰমণ ৰোধৰ বাবে নিজৰ পোহনীয়া কুকুৰটোক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰক ৷ আনহাতে, ৰেবিজ বা জলাতংকৰ দ্বাৰা আক্ৰান্ত মানুহৰ মৃত্যুৰ সংখ্যা হ্ৰাস কৰিবলৈ স্বাস্থ্য সেৱাসমূহ মজবুত কৰাৰ প্ৰয়োজন ৷

বহুতো দেশ য'ত জলাতংক চিন্তাৰ বিষয়, এইসমূহ দেশত ৰেবিজক প্ৰাথমিক সংক্ৰামক ৰোগ হিচাপে স্বীকৃতি দিয়াৰ উপৰিও মানুহৰ স্বাস্থ্য আৰু তেওঁলোকৰ দেশৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰে বুলিও ধৰা হয় । সাধাৰণতে জলাতংক দূৰ কৰিবলৈ পৰ্যাপ্ত সম্পদক আৰু কাৰ্যলৈ ৰূপান্তৰ কৰা নহয় । সহজ ভাষাত ক'বলৈ গ'লে, জলাতংক মাৰাত্মক, কিন্তু সঠিক সময়ত উদ্ধাৰে জীৱন ৰক্ষা কৰিব পাৰে ।

লগতে পঢ়ক :হিমোফিলিয়া: এক বিৰল ৰক্তক্ষৰণ ব্যাধি

ABOUT THE AUTHOR

...view details