অসম

assam

By

Published : Aug 2, 2021, 11:43 AM IST

ETV Bharat / international

আফগান সেনাৰ অভিযানত নিহত 254 তালিবানী

আফগানিস্তানৰ বিভিন্ন প্ৰদেশত সেনাৰ অভিযানত নিহত হৈছে প্ৰায় 254 জন তালিবানী সদস্য ৷ এই কথা সদৰি কৰিছে আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ৷

254 Taliban killed, 97 injured in operations conducted by Afghan forces
আফগান সেনাৰ অভিযানত নিহত 254 তালিবানী

ইন্টাৰনেশ্যনেল ডেস্ক, 2 আগষ্ট : তালিবানৰ বিৰুদ্ধে আফগানিস্তানৰ বিভিন্ন প্ৰদেশত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু সুৰক্ষা বহিনীয়ে (Afghanistan National Defence and Security Forces ) চলাইছে অভিযান ৷ এই অভিযানত 254 জন তালিবানী সদস্য নিহত হোৱাৰ লগতে আহত হৈছে 97 জন ৷ দেওবাৰে আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সদৰি কৰিছে এই কথা ৷ দেশখনৰ ঘাঞ্জী, কান্ধাৰ, হেৰাট, ফাৰাহ, জওযান, বল্খ, সামানগন, হেলমণ্ড, তাখাৰ, কুণ্ডুজ, বাঘলান, কাবুল আৰু কাপিজা প্ৰদেশত সেনাই চলাইছিল অভিযান ৷

আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে টুইটযোগে কয়, "ঘাঞ্জী, কান্ধাৰ, হেৰাট, ফাৰাহ, জওযান, বল্খ, সামানগন, হেলমণ্ড, তাখাৰ, কুণ্ডুজ, বাঘলান, কাবুল আৰু কাপিজা প্ৰদেশত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু সুৰক্ষা বহিনীয়ে চলোৱা অভিযানত 254 জন তালিবানী সদস্য নিহত হোৱাৰ বিপৰীতে আহত হৈছে 97 জন ৷"

লগতে পঢ়ক-আফগানিস্তানৰ 31 খন প্ৰদেশত নৈশ সান্ধ্য আইন জাৰি

যোৱা কিছু সপ্তাহ ধৰি তালিবানে দেশখনৰ উত্তৰ-পূৱ প্ৰদেশৰ কেইবাখনো জিলা অধিগ্ৰহণ কৰিছিল ৷

আফগান বৈদেশিক মন্ত্ৰণালয়ৰ তথ্য অনুসৰি তালিবানে দেশখনৰ প্ৰায় 193খন জিলা কেন্দ্ৰ আৰু 19 খন সীমান্তৱৰ্তী জিলা অধিগ্ৰহণ কৰি ৰাখিছে ৷ ইয়াৰ উপৰিও সংগঠনটোৱে আফগানিস্তানৰ তাখৰ, কুণ্ডুজ, বাদাকছহন, হেৰাট আৰু ফাৰাহ প্ৰদেশৰ 10 টাকৈ border crossing pointৰ অধিগ্ৰহণ কৰি এই অঞ্চলসমূহত ব্যৱসায়ৰ লগতে ক্ৰছ বৰ্ডাৰ মোভমেন্টো (Cross Border Movement)বন্ধ কৰি ৰাখিছে ৷

ইয়াৰ পূৰ্বে বৈদেশিক মন্ত্ৰণালয় প্ৰকাশ কৰিছিল যে, বিগত 14 এপ্ৰিলৰ পৰা তালিবানৰ সৈতে হোৱা সংঘৰ্ষত দেশখনত প্ৰায় 4,000 ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু সুৰক্ষা বহিনীৰ জোৱান নিহত হৈছে ৷ ইয়াৰ উপৰিও 7000 জন জোৱান আহত হোৱাৰ লগতে 1,600 গৰাকী জোৱানক বন্দী কৰি ৰাখিছে তালিবানে ৷ এই সংঘৰ্ষত দেশখনত মহিলা, শিশুকে ধৰি 2,000 লোকক হত্যা কৰাৰ লগতে 2,200 গৰাকী আহত হৈছে ৷

লগতে পঢ়ক-চুবুৰীয়া দেশসমূহৰ বাবে কোনো ভাবুকি নাই: তালিবান প্ৰধান হিবাতুল্লাহ

ABOUT THE AUTHOR

...view details