ইণ্টাৰনেশ্যনেল ডেস্ক, ২২ জুলাই: ইণ্ডোনেছিয়াত ধুমুহাৰ বিধ্বংসী ৰূপ । ধুমুহাৰ কবলত পৰিল সাগৰত মাছ ধৰিবলৈ যোৱা মাছমৰীয়া । দেশখনৰ পশ্চিম কালিমন্তন প্ৰদেশত ১৮ খন জাহাজে ধুমুহাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱায় আৰু পানীত ডুবি যায় । উদ্ধাৰকাৰী দলে বুধবাৰলৈকে ২৪ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰে ।
এতিয়াও ৩১ জন লোক সন্ধানহীন হৈ আছে । বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে । প্ৰাদেশিক অনুসন্ধান আৰু উদ্ধাৰ কাৰ্যালয়ৰ মুৰব্বী য়োপি হৰ্যাদীয়ে কয় যে, বতৰ বিজ্ঞান সংস্থাৰ পৰা বতৰ বেয়া হোৱাৰ সম্ভাৱনা থকাৰ বিষয়ে সতৰ্কবাণী শুনাৰ পাছতে চাম্বাছ জিলাত দুখন টাগ নাও আৰু মাছ ধৰা জাহাজে অৱস্থান গ্ৰহণ কৰাৰ সময়তে এই ঘটনা সংঘটিত হৈছিল ।
ছিনহুয়া সংবাদ সংস্থাই জনোৱা মতে, হৰ্যাদীয়ে জনাইছে যে, এসপ্তাহ পূৰ্বে দুদিন ধৰি ধাৰাবাহিকভাৱে অঞ্চলটোত ধুমুহাই ক্ষতিসাধন কৰিছিল । অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ সময়ত জাহাজখনত থকা মুঠ ৮৩ জন লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে । প্ৰাদেশিক অনুসন্ধান আৰু উদ্ধাৰ কাৰ্যালয়ৰ কাৰ্যকৰী গোটৰ মুৰব্বী এৰিক সুবাৰিয়ান্তোৱে কয় যে, তিনিদিনৰ ভিতৰত এই অভিযান সম্পন্ন কৰা হ'ব ।
অৱশ্যে বুধবাৰে বতৰ বেয়া হোৱাৰ বাবে পৰৱৰ্তী তিনিদিনৰ ভিতৰত উদ্ধাৰ অভিযান সম্পূৰ্ণ কৰাৰ পৰিকল্পনাত বাধাৰ সৃষ্টি কৰিছে । এখন হেলিকপ্তাৰ, এখন বিমান আৰু এখন জাহাজেৰে এই উদ্ধাৰ অভিযান চলোৱা হৈছে বুলি তেওঁ জানিবলৈ দিছে । উল্লেখ্য যে, প্ৰাকৃতিৰ দুৰ্যোগৰ বাবে বিগত দিনবোৰত ইণ্ডোনেছিয়াত বহুলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । আগ্নেয়গিৰি, ভূমিকম্পৰ ফলতো দেশখনৰ কেতবোৰ অঞ্চলৰ লোকলৈ ভাবুকি আহিছে ।
লগতে পঢ়ক: ভাৰতৰ বাবে ভ্ৰমণ পৰামৰ্শ শিথিল কৰিছে আমেৰিকাই