অসম

assam

By

Published : Jan 23, 2022, 8:33 PM IST

ETV Bharat / international

Pakistani Fishing boats sink: নাও ডুব যোৱাৰ ফলত ২ পাকিস্তানী মাছমৰীয়াৰ মৃত্যু,১০ জন সন্ধানহীন

আৰৱ সাগৰত ডুব গ'ল পাকিস্তানী মাছমৰীয়াৰ তিনিখনকৈ নাও (Pakistani Fishing boats sink in Arabian Sea)। দুজন মাছমৰীয়াৰ মৃত্যু, এতিয়াও সন্ধানহীন ১০ মাছমৰীয়া । নৌ সেনা আৰু সামুদ্ৰিক সুৰক্ষা নাওৰ সহায়ত উদ্ধাৰ ৩২ জনকৈ মাছমৰীয়াক ।

Pakistani Fishing boats sink
নাও ডুব যোৱাৰ ফলত ২ পাকিস্তানী মাছমৰীয়াৰ মৃত্যু

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ জানুৱাৰী :সামুদ্ৰিক ধুমুহাৰ ফলত পানীত ডুব গ'ল চুবুৰীয়া দেশ পাকিস্তানৰ কেইবাখনো নাও । জানিব পৰা মতে পাকিস্তানৰ উপকূলত তিনিখনকৈ নাও পানীত ডুব যোৱাৰ ফলত দুজন মাছমৰীয়াৰ মৃত্যু হৈছে (Pakistani fishermen drown) । আনহাতে ১০ জনকৈ মাছমৰীয়া সন্ধানহীন হৈ আছে । ইফালে নৌ সেনা আৰু সামুদ্ৰিক সুৰক্ষা জাহাজে ৩২ জনকৈ মাছমৰীয়াক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

শনিবাৰে উপকূলীয় চহৰ কেতি বন্দৰৰ সমীপত আৰৱ সাগৰত ডুব গৈছে নাও কেইখন (Pakistani Fishing boats sink in Arabian Sea)। থাটা জিলাৰ উপায়ুক্ত গজানফাৰ কাদৰীয়ে জনোৱা মতে এই ঘটনাৰ পাছতে নৌ সেনা আৰু সামুদ্ৰিক সুৰক্ষা নাওৰ সহায়ত অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলোৱা হৈছে । তেওঁ জনোৱা মতে মাছমৰীয়াসকল সাগৰলৈ মাছ ধৰাৰ উদ্দেশ্যে গৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে তেওঁলোকক উভতি আহিবলৈ বাধ্য হৈছিল । কিন্তু সেই সময়চোৱাত তীব্ৰ বতাহৰ কৱলত পৰি ৪৪ জন মাছমৰীয়া থকা তিনিখনকৈ নাও পানীত যায় ।

ইফালে সৰু দ্বীপসমূহত আশ্ৰয় লোৱা একাংশ মাছমৰীয়াক উদ্ধাৰৰ বাবে বিশেষ দল প্ৰেৰণ কৰা হৈছ । মাছমৰীয়াসকলৰ সন্ধান নোপোৱালৈ উদ্ধাৰ অভিযান অব্যাহত থাকিব বুলিও বিষয়াগৰাকীয়ে উল্লেখ কৰে । ইয়াৰ মাজতে আন এক তথ্য পোহৰলৈ আহিছে যে পাকিস্তানী মাছমৰীয়া সকলে ব্যৱহাৰ কৰা নাওবোৰ সাধাৰণতে আধুনিক নেভিগেচন গিয়াৰ আৰু সুৰক্ষা ব্যৱস্থাৰে সুসজ্জিত নহয় । বহুতো মাছমৰীয়াই বতৰৰ সতৰ্কবাণী উপেক্ষা কৰে আৰু এনেদৰে বিপদৰ সন্মুখীন হয় ।

লগতে পঢ়ক:আবুধাবি বিমানবন্দৰত ড্ৰোণ আক্ৰমণ : তিনিজন নিহত

ABOUT THE AUTHOR

...view details