অসম

assam

By

Published : May 8, 2020, 3:32 PM IST

ETV Bharat / international

বন্দে ভাৰত অভিযান : বাংলাদেশৰ পৰা প্ৰথম বেটছৰ ১৬৮ গৰাকী শিক্ষাৰ্থীক প্ৰত্যাৱৰ্তন

অপাৰেচন বন্দে ভাৰতৰ অধীনত বাংলাদেশৰ পৰা প্ৰথম অৱস্থাত উদ্ধাৰ ১৬৮ গৰাকী শিক্ষাৰ্থীক । বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক প্ৰত্যাৱৰ্তনৰ বাবে ভাৰতৰ ব্যাপক অভিযান ।

বন্দে ভাৰত অভিযান : বাংলাদেশৰ পৰা প্ৰথম বেটছৰ ১৬৮ গৰাকী শিক্ষাৰ্থীক ভাৰতলৈ প্ৰত্যাৱৰ্তন
বন্দে ভাৰত অভিযান : বাংলাদেশৰ পৰা প্ৰথম বেটছৰ ১৬৮ গৰাকী শিক্ষাৰ্থীক ভাৰতলৈ প্ৰত্যাৱৰ্তন

বাংলাদেশ, ৮ মে':শুকুৰবাৰে এয়াৰ ইণ্ডিয়াৰ বিমান যোগে বাংলাদেশত আৱদ্ধ হৈ থকা ভাৰতীয় লোকক উদ্ধাৰ অভিযান আৰম্ভ । প্ৰথম বেটছৰ ১৬৮ গৰাকী শিক্ষাৰ্থীক বাংলাদেশৰ পৰা উদ্ধাৰ কৰি ভাৰতলৈ প্ৰত্য়াৱৰ্তন কৰা হৈছে । শ্ৰীনগৰত শিক্ষাৰ্থী সকলক পোনে-পোনে নমুৱা হ'ব বুলি জানিব পৰা গৈছে । বন্দে ভাৰত অপাৰেচনৰ অধীনতেই এই উদ্ধাৰ কাৰ্য চলাই থকা হৈছে ।

লক্ ডাউনৰ ফলত বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয় লোক সকলক নিজ দেশলৈ উভতাই আনিবলৈয়ে বৃহস্পতিবাৰৰ পৰা এই অভিযান কাৰ্যকৰী কৰা হৈছে ।

বাংলাদেশত ভাৰতৰ উচ্চায়ুক্তই ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰা ইচ্ছুক ভাৰতীয় নাগৰিকৰ পঞ্জীয়নৰ বাবে ৱেবচাইটত এটা লিংক মুকলি কৰিছিল । ভাৰতৰ উচ্চায়ুক্ত ৰিভা গাংগুলীয়ে নিজে বিমানবন্দৰত শিক্ষাৰ্থীৰ সৈতে যাৱতীয় সকলো কাম-কাজৰ বাবে মত-বিনিময় কৰে । পিচত এটা ভিডিঅ' মেছেজ টুইটাৰত শ্বেয়াৰ কৰি বন্দে ভাৰত অপাৰেচনৰ অধীনত বাংলাদেশৰ পৰা প্ৰথমখন ভাৰতীয় বিমান শ্ৰীনগৰলৈ উৰা মৰাৰ কথা প্ৰকাশ কৰে গাংগুলীয়ে । ডাকাৰ পৰা মুঠ ৭ খন বিমানে উৰা মাৰিব বুলিও জানিবলৈ দিয়ে উচ্চায়ুক্তগৰাকীয়ে ।

ভাৰতীয় বিমানচালনাৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ঘোষণা কৰিছিল যে, এয়াৰ ইণ্ডিয়াই বৃহস্পতিবাৰৰ পৰা অৰ্থাৎ ৭ মে'ৰ পৰা ১৩ মে'লৈ ৬৪ খন বিমানৰ চলাচল কৰিব । য'ত ১২ খন দেশৰ প্ৰায় ১৫,০০০ হাজাৰ ভাৰতীয় লোকক লক্ ডাউনৰ মাজত উদ্ধাৰ কৰা হ'ব ।

ABOUT THE AUTHOR

...view details