অসম

assam

By

Published : Jul 7, 2021, 10:58 PM IST

ETV Bharat / international

আফগানিস্তানত ১৫ টা সন্ত্ৰাসবাদী নিহত

আফগানিস্তানৰ তালুকান চহৰত তালিবানী সন্ত্ৰাসবাদীৰ আক্ৰমণ । সেনাৰে হোৱা সংঘৰ্ষত নিহত হ'ল ১৫টা সন্ত্ৰাসবাদী । এই সংঘৰ্ষত এজন সেনা জোৱানেও প্ৰাণ হেৰুৱায় আৰু দুজন সেনা জোৱান আহত হয় ।

Taliban attack on Afghanistan's Taluqan city
আফগানিস্তানৰ তালুকান চহৰত তালিবানী সন্ত্ৰাসবাদীৰ আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৭ জুলাই: আফগানিস্তানত পুনৰ তালিবানী সন্ত্ৰাসবাদীৰ আক্ৰমণ । এইবাৰৰ স্থান আফগানিস্তানৰ উত্তৰ টাখাৰ প্ৰদেশৰ ৰাজধানী তালুকান চহৰ । বুধবাৰে চৰকাৰে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, বুধবাৰে পুৱতি নিশা তালুকান চহৰত তালিবানী সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে । তালিবানী সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰত্যুত্তৰত সেনায়ো গুলীচালনা কৰে ।

কেইবা ঘণ্টা ধৰি চলা এই সংঘৰ্ষত ১৫ টা সন্ত্ৰাসবাদী নিহত হয় আৰু ২০ টাৰো অধিক সন্ত্ৰাসবাদী আহত হয় । এটাৰ পাছত আনটো সন্ত্ৰাসবাদী সেনাৰ গুলীত ধৰাশায়ী হোৱাৰ পাছত তালিবানী সন্ত্ৰাসবাদীৰ দলটোৱে ১৫টা সন্ত্ৰাসবাদীৰ মৃতদেহ উক্ত স্থানতে এৰি থৈ পলায়ন কৰে । এই সংঘৰ্ষত এজন সেনা জোৱানেও প্ৰাণ হেৰুৱাই আৰু দুজন সেনা জোৱান আহত হয় ।

যোৱা এমাহ ধৰি অশান্তিকৰ পৰিস্থিতি বিৰাজ কৰি থকা টাখাৰ প্ৰদেশৰ প্ৰায় চাৰিখন জিলা নিজৰ দখললৈ নিয়াৰ চেষ্টা কৰি আছে তালিবানে । অৱশ্যে, তালিবানে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । আনহাতে, তালিবানী সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ হোৱাৰ পিছত সোমবাৰে পুৱাৰ ভাগত এক হাজাৰতকৈও অধিক আফগান সেনা বাহিনীৰ জোৱানে সীমান্ত পাৰ হৈ চুবুৰীয়া দেশ তাজিকিস্তানলৈ ৰাওনা হৈছে । তালিবানী সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তেওঁ সীমা পাৰ হ'ব বিচাৰিছিল আৰু তাজিকিস্তান চৰকাৰে অনুমতি প্ৰদান কৰে ।

তাজিকিস্তানৰ সীমান্ত বাহিনীয়ে এক বিবৃতিত প্ৰকাশ কৰিছে যে, মুঠ ১,০৩৭ জন আফগান সৈন্যই তেওঁলোকৰ জীৱন ৰক্ষা কৰিবলৈ সাতটা পৃথক স্থানেৰে সীমান্ত অতিক্ৰম কৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সেনাই মধ্য এছিয়াৰ দেশখনৰ পৰা সেনা প্ৰত্যাহাৰ কৰাৰ লগে লগে তালিবানে দেশখনৰ উত্তৰ দিশত চৰকাৰৰ নিয়ন্ত্ৰণত থকা অঞ্চলসমূহত আক্ৰমণ চলাইছে । এতিয়াও দেশখনৰ উত্তৰ দিশৰ অঞ্চলবোৰত অশান্ত পৰিৱেশে বিৰাজ কৰি আছে ।

লগতে পঢ়ক:ৰাছিয়াত 29 গৰাকী যাত্ৰীসহ বিমান সন্ধানহীন

ABOUT THE AUTHOR

...view details