অসম

assam

ETV Bharat / international

পাকিস্তানৰ ভয়াবহ বিস্ফোৰণত আহত ১৪ - বেলুচিস্তান চহৰ

পাকিস্তানৰ বেলুচিস্তানৰ বিস্ফোৰণত আহত ১৪ জনকৈ লোক । কোনো অচিনাক্ত দুৰ্বৃত্তই এটা আইডি স্থাপন কৰাৰ ফলত বিস্ফোৰণটো সংঘটিত হয় ।

পাকিস্তানৰ ভয়াবহ বিস্ফোৰণত আহত ১৪
পাকিস্তানৰ ভয়াবহ বিস্ফোৰণত আহত ১৪

By

Published : Apr 14, 2021, 2:23 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল: পাকিস্তানৰ বেলুচিস্তান চহৰত সংঘটিত হয় এক বিস্ফোৰণ । মংগলবাৰে চহৰখনত এখন ফুটবল খেল চলি থকাৰ সময়তে সংঘটিত হোৱা এক বিস্ফোৰণত প্ৰায় ১৪ জন লোক আহত হয় । সৌভাগ্যক্ৰমে, বিস্ফোৰণটোত কোনো এগৰাকী ফুটবল খেলুৱৈ আহত হোৱা নাই । ইফালে, আহত লোককেইজন খেলখনৰ দৰ্শক আছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ।

বেলুচিস্তানৰ ফুটবল খেলপথাৰৰ দেৱালৰ কাষত কোনো অচিনাক্ত দুৰ্বৃত্তই এটা আইডি স্থাপন কৰাৰ ফলত বিস্ফোৰণটো সংঘটিত হয় বুলি স্থানীয় আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । বৰ্তমানলৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই ।

লগতে পঢ়ক: ৰমজান উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জ' বিদেনৰ

ABOUT THE AUTHOR

...view details