নিউজ ডেস্ক, 13 অক্টোবৰঃজাপানত ধ্বংসলীলা চলাইছে সাগৰীয় ঘূৰ্ণিবতাহ হাগিবিছে ৷ জাপানৰ টকিঅ' চহৰকে ধৰি প্ৰায়বোৰ অঞ্চলতে হাগিবিছৰ প্ৰকোপ পৰিলক্ষিত হৈছে ৷
হাগিবিছৰ পৰৱৰ্তী সময়ত জাপান ইতিমধ্যে হাগিবিছৰ প্ৰকোপত পৰি দেশখনৰ 14গৰাকীকৈ লোক নিহত হৈছে ৷ আনহাতে প্ৰায় 10 লাখ লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰিছে জাপান সেনাই ৷ ঘূৰ্ণিবতাহৰ প্ৰতি লক্ষ্য কৰিয়ে দেশখনে বাতিল কৰিছে বহুকেইখন অন্তৱৰ্তী ৰে'লৰ লগতে আন্তঃৰাষ্ট্ৰীয় তথা ঘৰুৱা বিমানসেৱা ৷
ঘূৰ্ণিবতাহৰ ফলত অধিক বেছি ক্ষতিগ্ৰস্থ হৈছে মধ্য জাপানৰ নাগানো চহৰ ৷ ঘূৰ্ণিবতাহৰ ফলত চহৰখনৰ চিকুমা নদীৰ বান্ধ চিঙি যোৱাৰ লগতে বহু লক্ষাধিক লোক গৃহহীন হৈ পৰে ৷ ইতিমধ্যে সেনাই উক্ত অঞ্চলত উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে ৷
নাগানো চহৰৰ আপদকালীন সেৱা বিভাগৰ বিষয়া ইয়াসুবিবো ইয়ামাগুচিয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি, সৰ্বমুঠ 427 টা পৰিয়ালৰ প্ৰায় 1417 জন লোকক বৰ্তমানলৈ উদ্ধাৰ কৰা হৈছে ৷ ৰাতিৰ ভিতৰতে প্ৰায় 7 মিলিয়ন লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰিব জাপান চৰকাৰে ৷
লগতে পঢ়কঃ জাপানৰ হাগিবিছ ঘূৰ্ণীবতাহ : প্ৰধানমন্ত্ৰী মোডীৰ সমবেদনা জ্ঞাপন
শনিবাৰে দিনৰ ভাগত জাপানৰ উপকূলত খুন্দা মাৰে ঘূৰ্ণিবতাহ হাগিবিছে ৷ 216 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত অহা হাগিবিছ হৈছে বিগত 60 বছৰত জাপানৰ আটাইতকৈ বিধ্বংসী সাগৰীয় ঘূৰ্ণিবতাহ ৷
আনহাতে জাপানত সাগৰীয় ঘূৰ্ণিবতাহৰ প্ৰকোপত নিহত হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি দেশখনৰ ৰাইজৰ লগতে চৰকাৰক সমবেদনা জ্ঞাপন কৰে ৷