অসম

assam

ETV Bharat / international

কাজাখস্তানত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্তঃ 13 জনৰ মৃত্যু

জোৱানসকলৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা

By

Published : Mar 28, 2019, 6:26 PM IST

kazakhstan

কাজাখস্তান ,28 মাৰ্চঃ কাজাখস্তানত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ 13 জন জোৱানৰ মৃত্যু । ৰাষ্ট্ৰপতি কাচিম জমাৰ্ট ট'কায়েভৰ অনুসন্ধানৰ নিৰ্দেশ ।

কাজাখস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে বৃহস্পতিবাৰে দুৰ্ঘটনাটোৰ বিষয়ে এক বিবৃতিযোগে দুৰ্ঘটনাৰ বিষয়ে প্ৰকাশ কৰে । বিবৃতিটোত প্ৰকাশ পোৱা অনুসৰি বুধবাৰে দক্ষিণ কাজাখস্তানত এখন মি-8 হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ 13 জন সেনা জোৱানৰ মৃত্যু হয় । ৰাষ্ট্ৰপতি টকায়েভে ঘটনাটোৰ অনুসন্ধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে । আনহাতে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে দুৰ্ঘটনাটোত নিহত হোৱা জোৱানসকলৰ পৰিয়াললৈ বৃহস্পতিবাৰে ক্ষতিপূৰণ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে ।

উল্লেখযোগ্য যে, বিগত বছৰৰ আগষ্ট মাহত চাইবেৰিয়াত আন এখন মি-8 হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত 18 জনকৈ লোকৰ মৃত্যু হৈছিল ।

ABOUT THE AUTHOR

...view details