অসম

assam

ETV Bharat / international

পাকিস্তানৰ সিন্ধু প্ৰদেশত 13 মাহত 125 গৰাকী মহিলাৰ আত্মহত্যা - মানৱ উন্নয়নৰ সূচাংক

মিথিত আয়োজিত এক কৰ্মশালাত মনোবিজ্ঞানী, নাগৰিক সমাজ আৰু বেচৰকাৰী সংগঠনসমূহে জিলাখনত আত্মহননৰ পথ বাছি ল’বলৈ বাধ্য হোৱা মহিলাসকলৰ বৰ্ধিত প্ৰৱণতাৰ সৈতে সম্পৰ্কিত কাৰণ আৰু সমস্যাৰ বিষয়ে আলোচনা কৰাৰ সময়ত এই কথা পোহৰলৈ আহিছিল ৷

125 women committed suicide in Pak district in 13 months
পাকিস্তানৰ সিন্ধু প্ৰদেশত 13 মাহত 125 গৰাকী মহিলাৰ আত্মহত্যা

By

Published : Feb 14, 2021, 11:01 PM IST

ইন্টাৰনেছনেল ডেস্ক, 14 ফেব্ৰুৱাৰী :পাকিস্তানৰ সিন্ধু প্ৰদেশত অৱস্থিত থাৰপাৰকাৰ জিলাত দৰিদ্ৰতা আৰু সামাজিক অসমতাৰ বাবে বিগত 13 মাহত প্ৰায় 125 গৰাকী মহিলাই আত্মহত্যা কৰিছিল ৷ দেওবাৰে সংবাদ মাধ্যমৰ এক প্ৰতিবেদনত প্ৰকাশ পায় এই কথা ।

মিথিত আয়োজিত এক কৰ্মশালাত মনোবিজ্ঞানী, নাগৰিক সমাজ আৰু বেচৰকাৰী সংগঠনসমূহে জিলাখনত আত্মহননৰ পথ বাছি ল’বলৈ বাধ্য হোৱা মহিলাসকলৰ বৰ্ধিত প্ৰৱণতাৰ সৈতে সম্পৰ্কিত কাৰণ আৰু সমস্যাৰ বিষয়ে আলোচনা কৰাৰ সময়ত এই কথা পোহৰলৈ আহিছিল ৷

জিঅ' নিউজৰ প্ৰতিবেদনত উল্লেখ কৰা হয় এই কথা । কৰ্মশালাৰ এজন অংশগ্ৰহণকাৰীয়ে বিগত এবছত শতাধিকৰো অধিক মহিলাই আত্মহননৰ পথ বাছি লোৱাৰ কথা ব্যক্ত কৰে ৷

কৰ্মশালাত থাৰপাৰ্কাৰৰ লোকসকলে বিশেষকৈ মহিলা আৰু শিশুসকলে কেনেদৰে বিভিন্ন ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাব লগীয়া হৈছিল, সেই সন্দৰ্ভতো আলোচনা কৰা হয় ৷ ইয়াৰ উপৰি দৰিদ্ৰতা আৰু ধৰ্মীয় ৰীতি নীতিৰ বাবেও বহু যুৱতীয়ে আত্মহননৰ পথ বাছি ল’বলৈ বাধ্য হয় ৷

উল্লেখ্য যে, থাৰপাৰ্কাৰ জিলা সিন্ধুৰ আটাইতকৈ ডাঙৰ জিলা আৰু ইয়াত পাকিস্তানৰ ভিতৰত সৰ্বাধিক হিন্দু লোক আছে ৷ কিন্তু এই অঞ্চলটোত মানৱ উন্নয়নৰ সূচাংক ৰেটিং সকলো জিলাৰ ভিতৰত সৰ্বনিম্ন । ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি জিলাখনৰ 87 শতাংশ জনসংখ্যা দৰিদ্ৰতা সীমাৰেখাৰ তলত বসবাস কৰে ।

লগতে পঢ়ক :আৰৱ সাগৰত জলন্ত জাহাজৰ পৰা উদ্ধাৰ ১৫ জন ক্ৰুমেন

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details