ইন্টাৰনেশ্যনেল ডেস্ক : দেওবাৰে পুৱা প্ৰায় ৬:৩০ বজাত মধ্য চীনৰ হুবেই প্ৰদেশৰ চিয়ান চহৰৰ ঝাংৱান জিলাত সংঘটিত হৈছে ভয়ংকৰ গেছ পাইপ বিস্ফোৰণৰ ঘটনা ৷ চীনৰ ৰাজ্যিক সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি এই বৃহৎ গেছ বিস্ফোৰণত কমেও ১২ জন লোক নিহত হোৱাৰ উপৰিও আহত হয় ১৩৮ জনকৈ লোক ৷ অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি থকাৰ বাবে হতাহতৰ সংখ্যা এতিয়াও পৰীক্ষা কৰা হৈ আছে ।
স্থানীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি, ধ্বংসাৱশেষৰ পৰা মুঠ ১৫০ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু আহতসকলক স্থানীয় চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে । বিস্ফোৰণটো ইমানেই ভয়ংকৰ আছিল যে তাত থকা এখন ৱেট মাৰ্কেট (wet market) নিমীষতে ধ্বংস হৈ পৰে ৷ উক্ত বিস্ফোৰণটোৰ ফলত অঞ্চলটোৰ স্থানীয় বাসিন্দাসকলক যথেষ্ট প্ৰভাৱিত কৰিছিল । স্থানীয় বাসিন্দা এজনে এটা সংবাদ সংস্থাক কয় যে, প্ৰচণ্ড শব্দটো শুনি তেওঁ ভয় খাইছিল আৰু ভূমিকম্প বুলি ভাবি মেজৰ তলত সোমাই পৰিছিল ৷