অসম

assam

By

Published : Jul 10, 2019, 3:32 PM IST

ETV Bharat / international

জলবায়ু পৰিৱৰ্তনক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ

বহনক্ষম উন্নয়ন লক্ষ্য (Sustainable Development Goals; SDGs)ক লৈ চিন্তিত নহয় বিশ্ববাসী ৷ 2030 চনৰ ভিতৰত লক্ষ্য প্ৰাপ্তিৰ বাবে নিৰ্বাচন কৰা এইসমূহ কাৰকৰ উন্নয়নত কোনো ধৰণৰ সাকাৰাত্মক ভূমিকা পালন কৰা নাই বিশ্বৰ প্ৰায়বোৰ দেশে ৷ বহনক্ষম উন্নয়ন লক্ষ্যৰ ৰাজনৈতিক মঞ্চক লৈ ৰাষ্ট্ৰসংঘই আয়োজন কৰা এক আলোচনাচক্ৰত এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷ সময় থাকোতেই বিশ্ববাসীক এইসমূহ লক্ষ্য আৰু অসমতা আতৰাবলৈ প্ৰতিবেদনখনত কোৱা হৈছে ৷

জলবায়ু পৰিৱৰ্তনক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ

নিউজ ডেস্ক, 10 জুলাইঃ অসমতা আৰু জলবায়ু পৰিৱৰ্তন হৈছে বিশ্ববাসীৰ বাবে প্ৰথম আৰু প্ৰধান প্ৰত্যাহ্বান ৷ ইয়াক প্ৰতিহত কৰিবলৈ বিশ্ববাসীৰ হাতত সময় তাকৰ আৰু অতি কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰসংঘই জাৰী কৰা বহনক্ষম উন্নয়ন লক্ষ্যত উপনীত হোৱাৰ বাবে বিশ্ববাসীয়ে কাম কৰা উচিত ৷ বহনক্ষম উন্নয়ন লক্ষ্যক লৈ আয়োজিত এক উচ্চ পৰ্যায়ৰ ৰাজনৈতিক আলোচনাচক্ৰত এই মন্তব্য আগবঢ়াইছে ৰাষ্ট্ৰসংঘই ৷

2015 চনৰ ভিতৰত লাভ কৰিবলৈ বিশ্বৰ 193খন ৰাষ্ট্ৰই মিলি স্বাক্ষৰ কৰা 17টা বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত আয়োজিত শীৰ্ষক আলোচনাচক্ৰত অংশগ্ৰহণ কৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 2000 প্ৰতিনিধিয়ে ৷ আলোচনাচক্ৰখনিত জলবায়ু পৰিবৰ্তন আৰু অসমতা দূৰীকৰণ বিষয়ৰ ওপৰত সবিশেষ বিৱৰণ দাঙি ধৰা হয় ৷ বিশেষকৈ বহনক্ষম উন্নয়নৰ বাবে পৰিৱেশৰ গুৰুত্ব আগত ৰাখি অতি কম সময়ৰ ভিতৰতে এইসমূহ লক্ষ্যত কিদৰে উপনীত হ'ব পৰা যাব তাক লৈ মন্তব্য প্ৰকাশ কৰে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা বিভাগৰ প্ৰধান লিউ ঝেনমিনে ৷

বহনক্ষম উন্নয়ন লক্ষ্যত উপনীত হ'বৰ বাবে বিশ্ববাসীৰ হাতত সময় কমি আহিছে ৷ আমি প্ৰকাশ কৰা প্ৰতিবেদনখনত দৰিদ্ৰতা,অসমতা, জলবায়ু পৰিৱৰ্তন আৰু অন্যান্য অসুবিধামূলক কাৰকসমূহ এটা আনটোৰ পৰিপূৰক আৰু ইয়াক দূৰ কৰিবলৈ বিশ্ববাসীয়ে ক্ষীপ্ৰতাৰে কাম কৰিব লাগিব বুলি উল্লেখ কৰে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা বিভাগৰ প্ৰধান লিউ ঝেনমিনে ৷ ইয়াৰ বাবে বিশ্ববাসীয়ে নৱীকৰণযোগ্য,প্ৰদূষণমুক্ত শক্তিৰ উৎসৰ সন্ধান উলিওৱাৰ লগতে বনাঞ্চল ধ্বংস ৰোধ আৰু বহনক্ষম কৃষিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি উল্লেখ কৰে ঝেনমিনে ৷

2030ৰ ভিতৰত উপনীত হোৱাকৈ নিৰ্ধাৰণ কৰা 17টা বহনক্ষম উন্নয়ন লক্ষ্যৰ বাবে বিশ্ববাসীয়ে গভীৰ,ক্ষীপ্ৰ আৰু গ্ৰহণযোগ্যতাৰে সামাজিক আৰু অৰ্থনৈতিক উন্নয়নত গুৰুত্ব প্ৰদান কৰিব লাগিব ৷ বৰ্তমানে বিশ্ববাসীয়ে সন্মুখীন হৈ অহা সমস্যাসমূহৰ ভিতৰত সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি, বনাঞ্চল ধ্বংস তথা প্ৰাণীকূলৰ অস্তিত্বৰ প্ৰতি ভাবুকি,মাটি প্ৰদূষণ আদি ৰোধ কৰিবলৈ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ প্ৰয়োজন আছে আৰু সমগ্ৰ বিশ্বৰ এক যোগাত্মক অংশগ্ৰহণে এইসমূহ সমস্যা দূৰীকৰণত সহায় কৰিব ৷ ৰাষ্ট্ৰসংঘই আয়োজন কৰা শীৰ্ষক আলোচনাচক্ৰখনিত এইদৰে মন্তব্য কৰে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এন্টনিঅ' গুটৰেজে ৷

ABOUT THE AUTHOR

...view details