অসম

assam

ETV Bharat / international

বিডেন-হাৰিছৰ ঐতিহাসিক বিজয়ৰ বাবে বিশ্ববাসীৰ আনন্দ উল্লাস - bidens win

চাৰি দিনৰ অপেক্ষাৰ অন্তত ঘোষণা কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলক লৈ আনন্দ উল্লাস ৷ যুক্তৰাষ্ট্ৰৰ বিভিন্ন ঠাইত বিডেন সমৰ্থকৰ আনন্দ উল্লাস ৷ ইয়াৰ পৰিৱৰ্তে ড’নাল্ড ট্ৰাম্পৰ সমৰ্থকে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷

বিডেন হাৰিছৰ ঐতিহাসিক বিজয়ৰ বাবে দুয়োকে অভিনন্দন বিশ্ব নেতাৰ
বিডেন হাৰিছৰ ঐতিহাসিক বিজয়ৰ বাবে দুয়োকে অভিনন্দন বিশ্ব নেতাৰ

By

Published : Nov 8, 2020, 12:58 PM IST

ৱাশ্চিংটন, 8 নৱেম্বৰ :চাৰিদিনীয়া অপেক্ষাৰ অন্তত শনিবাৰে যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলৰ বাতৰি সকলোৰে ফোনত বাজি উঠাৰ লগে লগে আমেৰিকান সকলে স্বতস্ফূৰ্তভাৱে ৰাজপথলৈ আহি আনন্দ উল্লাস কৰা পৰিলক্ষিত হ'ল ৷

কেইটামান সংবাদ প্ৰতিষ্ঠানে প্ৰাক্তন উপ ৰাষ্ট্ৰপতি জ' বিডেনে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক পৰাভূত কৰাৰ বাতৰি পৰিৱেশন কৰাৰ লগে লগে আটলান্টাত আতচবাজীৰ শব্দ শুনা যায় ৷ মানহাট্টান, লুইচভিল আৰু হাৰলেম আদি ঠাইত সকলোৱেই নিজ নিজ ঘৰৰ পৰা ওলাই আহি অপৰিকল্পিত ভাৱে ৰাস্তাত বা লন আদিত গোট খাই নাচ গানেৰে আনন্দ উল্লাস কৰা দেখা গ'ল ৷

ট্ৰাম্পৰ সমৰ্থক সকলে মন্থৰ গতিত হোৱা ভোট গণনাক অভিসন্ধিৰ বুলি অভিযোগ উত্থাপন কৰি বেলট গণনা কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ অব্যাহত ৰখাৰ পৰিৱৰ্তে শনিবাৰে ৰাতিপুৱা ডেম’ক্ৰেট সকলে পথলৈ আহি তেওঁলোকৰ আনন্দ প্ৰকাশ কৰা দেখা গ'ল ৷

নিউয়ৰ্ক চহৰৰ এগৰাকী মানৱ সম্পদ ব্যৱস্থাপক ল'লা ফালেইটে কয় যে তেওঁৰ বাবে সকলোবোৰ অবাস্তৱ যেন অনুভৱ হৈছে আৰু এনে লাগিছে যেন দীৰ্ঘকালৰ পৰা অশুভ শক্তিৰ হাঁতোৰাত বন্দী হৈ থকাৰ পৰা তেওঁ মুক্তি লাভ কৰিছে ৷ তেওঁ কয়, "মোৰ প্ৰৱাসী বন্ধুসকলক লৈ আৰু আমি চিন্তা কৰিব নালাগে ৷ 2016 ত চকুপানীৰে সৈতে সাৰ পাইছিলো আৰু আজি আমি উদযাপন কৰিছো ৷ চোৱা, আকাশখন স্পষ্টভাৱে নীলা, এনে লাগিছে প্ৰকৃতিয়েও আমাৰ সৈতে উদযাপনত মিলিত হৈছে ৷

এগৰাকী প্ৰাক্তন স্কুল অধ্যক্ষ আৰু শিক্ষক কেয় নিকোলাছ (73) এ কয় যে ডেম’ক্ৰেট নে ৰিপাব্লিকান সেইটো বিচাৰ্য বিষয় নহয় ৷ মূল কথা হৈছে শালীনতা ৷ এই দেশত অখণ্ডতা আছে আৰু আশা কৰো, আমি সততা প্ৰাপ্ত কৰিব পাৰো। মই ভাবো জ' বিডেনে এইটো কৰিব পাৰিব আৰু দয়া ঘূৰাই আনিব ৷

লগতে পঢ়ক:জ' আমি কৰি দেখুৱালো : কমলা হেৰিছ

ABOUT THE AUTHOR

...view details