অসম

assam

ETV Bharat / international

ভাৰতৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তি কৰা হ’বঃ ট্ৰাম্প - মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ ফাৰ্ষ্ট লেডী তেওঁৰ পত্নী মেলেনা ট্ৰাম্পে অহা 24 আৰু 25 ফেব্ৰুৱাৰীত আহমেদাবাদ, আগ্ৰা আৰু নতুন দিল্লী ভ্ৰমণ কৰিব ৷ ভাৰত ভ্ৰমণত দুয়োখন দেশৰ মাজত এক গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তিৰ স্বাক্ষৰ কৰা হ’ব ৷

Will make tremendous trade deal with India: Trump
ভাৰতৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তি কৰা হ’বঃ ট্ৰাম্প

By

Published : Feb 21, 2020, 12:14 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 21 ফেব্ৰুৱাৰীঃ ভাৰত ভ্ৰমণৰ প্ৰাকমুহূৰ্তত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে দুয়োখন দেশৰ মাজত এক গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তি স্বাক্ষৰ হোৱাৰ বিষয়ে উল্লেখ কৰে ৷

বৃহস্পতিবাৰে লছ ভেগাছত অনুষ্ঠিত প্ৰিজনাৰ্চ গ্ৰেজুৱেচন অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে ভাৰত ভ্ৰমণত দুয়োখন দেশৰ মাজত এক গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তিৰ স্বাক্ষৰ কৰা হ’ব ৷

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ ফাৰ্ষ্ট লেডী তথা তেওঁৰ পত্নী মেলেনা ট্ৰাম্পে অহা 24 আৰু 25 ফেব্ৰুৱাৰীত আহমেদাবাদ, আগ্ৰা আৰু নতুন দিল্লী ভ্ৰমণ কৰিব ৷

ট্ৰাম্পে সেই অনুষ্ঠানত প্ৰদান কৰা ভাষণত উল্লেখ কৰে যে, ভাৰতৰ সৈতে এই গুৰুত্বপূৰ্ণ চুক্তিক লৈ আশাবাদী লগতে ভাৰতলৈ অহাৰ পিচত এই বিষয়ে কি হয় দেখা যাব বুলিও উল্লেখ কৰে ৷ ইয়াৰোপৰি তেওঁ কয় যে, এই চুক্তিৰ পৰা আমেৰিকাৰ কি লাভ হ’ব তাৰ ভিত্তিতহে স্বাক্ষৰ কৰা হ’ব ৷ ইয়াৰ বাবে প্ৰথম প্ৰাধান্য আমেৰিকাক দিয়া হ’ব তাৰ পিচতহে চুক্তি সন্দৰ্ভত বিবেচনা কৰা হ’ব ৷

অলপতে প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি কংগ্ৰেছনেল ৰিচাৰ্চ চাৰ্ভিচে (চিআৰএচ) বাণিজ্যিক সম্পৰ্ক ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ৷ 2018 চনৰ প্ৰতিবেদন অনুসৰি আমেৰিকা বিশ্বৰ দ্বিতীয় সামগ্ৰী ৰপ্তানীকাৰী দেশ হিচাপে পৰিগণিত হৈছে ৷ উল্লেখ্য যে, ইউৰোপিয়ান ইউনিয়ন সামগ্ৰী ৰপ্তানীত বিশ্বৰ প্ৰথম স্থানত থকাৰ বিপৰীতে চীন তৃতীয় স্থানত আছে ৷

চিআৰএচে ইয়াৰ লগত উল্লেখ কৰে যে, ভাৰতে বাণিজ্যিক দিশত কৰা বিভিন্ন চুক্তি সন্দৰ্ভত ট্ৰাম্প প্ৰশাসনৰ সমালোচনাৰ সন্মূখিন হৈছে ৷

আনহাতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ প্ৰথমটো কাৰ্যকালত প্ৰত্যাশা পূৰণত ব্যৰ্থ হৈছিল বাবে এইবাৰ তাক পৰিপূৰ্ণ কৰাৰ বাবে যৎপৰোনস্তি চেষ্টা চলাব ৷ ট্ৰাম্পৰ এই ভ্ৰমণে ভাৰতৰ লগত আমেৰিকাৰ বাণিজ্যিক চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভৱনাৰ কথা ব্যক্ত কৰে চিআৰএচে ৷

কাউন্সিল অফ ফ’ৰেইন ৰিলেচন (চিএফআৰ) প্ৰকাশ কৰা অনুসৰি ভাৰত আৰু আমেৰিকাৰ মাজত 1999 চনৰ পৰা 2018 চনলৈ 16 বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা 142 বিলিয়ন মাৰ্কিন ডলাৰৰ বাণিজ্যিক বিনিয়োগ হৈছে ৷

বিশ্ব অৰ্থনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰ বৰ্তমান ভাৰতৰ অষ্টম বাণিজ্যিক বিনিয়োগকাৰী সহযোগী হিচাপে পৰিগণিত হৈছে ৷

আৰু পঢ়কঃআমি ভাৰতৰ সৈতে ব্যৱসায়িক চুক্তি স্বাক্ষৰিত কৰিমঃ ড’নাল্ড ট্ৰাম্প

ABOUT THE AUTHOR

...view details