ইন্টাৰনেশ্যনেল ডেস্ক, 8 মে' : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ প্ৰতিৰক্ষা সহযোগী কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ ফলত ট্ৰাম্পে মন্তব্য কৰিছে যে, তেওঁ প্ৰতিদিনে কৰ'ণা ভাইৰাছৰ পৰীক্ষা কৰিব ৷ প্ৰতিৰক্ষা সহযোগীজনৰ সৈতে অতি কম সংস্পৰ্শলৈ অহা বুলি মন্তব্য কৰে ট্ৰাম্পে ৷
হোৱাইট হাউচত সাংবাদিকক ট্ৰাম্পে কয়, "প্ৰতিৰক্ষা সহযোগীজনৰ সৈতে মই কম সময়ৰ বাবেহে সংস্পৰ্শলৈ আহিছো ৷ তেওঁক মই জানো ৷ এজন ভাল মানুহ ৷ উপ-ৰাষ্ট্ৰপতি মাইকো প্ৰতিৰক্ষা সহযোগীজনৰ সৈতে অতি কম সংস্পৰ্শলৈ আহিছে ৷"