অসম

assam

ETV Bharat / international

মাৰ্কিন যুক্তৰাষ্ট্ৰত দাবানলে দিশহাৰা কৰিছে সহস্ৰাধিক লোকক

ৰবাৰ্টছ’ন ড্ৰ ফায়াৰ (Robertson Draw Fire) নামৰ এক দাবানলৰ ফলত 2000ৰো অধিক নিবাসীয়ে আমেৰিকা (US)ৰ ম’ণ্টানাৰ ক্ষুদ্ৰ চহৰ ৰেড ল’জ (Red Lodge)ত অনাহাৰে ঘূৰি আছে ৷ ইয়াৰ মাজৰে 450 গৰাকীক ঠাইখনৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিয়া হয় ৷

By

Published : Jun 17, 2021, 10:33 PM IST

Wildfire in US
মাৰ্কিন যুক্তৰাষ্ট্ৰত দাবানল

ইণ্টাৰনেশ্যনেল ডেস্ক,17 জুন :আমেৰিকা যুক্তৰাষ্ট্ৰ (US)ৰ ম’ণ্টানাৰ ক্ষুদ্ৰ চহৰ ৰেড ল’জ (Red Lodge)ত অনাহাৰে ঘূৰি আছে 2000ৰো অধিক নিবাসী ৷ কিয়নো ৰবাৰ্টছ’ন ড্ৰ ফায়াৰ (Robertson Draw Fire) নামৰ এক দাবানলে দিশহাৰা কৰিছে এইসকল লোকক ৷ ইয়াৰে ভিতৰত 450 গৰাকী লোকক সেই ঠাইৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিয়া হয় ৷

কাষ্টাৰ নেশ্যনেল ফৰেষ্ট (Custer Gallatin National Forest)ৰ ফায়াৰ ইনফ’ৰমেশ্যন অফিচাৰ (Fire Information Officer) বিলী চাপমেনে ম’ণ্টানা পাব্লিক ৰেডিঅ’ (MTPR)যোগে কয় যে, বৰ্তমানলৈকে ক্ষয়-ক্ষতি সন্দৰ্ভত কোনো তথ্য পোৱা নাই ৷ ঝিনহুৱা নিউজ এজেন্সি (Xinhua News Agency)য়ে এই কথা সদৰি কৰে ৷

উল্লেখ্য যে, দেওবাৰে প্ৰজ্বলন হোৱা জুই, মঙলবাৰে তীব্ৰগতিত বলা বতাহৰ বাবে এই ঘটনা সংঘটিত হৈছে ৷ বুধবাৰলৈ মুঠ 21,000 একৰ ভূমি বনজুয়ে আঁৱৰি ধৰে ৷ অনলাইনযোগে প্ৰচাৰ হোৱা ফটোত জুয়ে সক্ৰিয় ৰূপত পাহাৰীয়া অঞ্চলত সম্প্ৰসাৰিত হোৱা পৰিলক্ষিত হৈছে ৷ InciWeb নামৰ এক তথ্য প্ৰণালীয়ে ইংগিত দিয়া অনুসৰি, এই বনজুয়ে ৰাজ্য়ৰ প্ৰায় 5 খন বৃহৎ জংঘল জ্বলাই দিয়ে ৷

লগতে পঢ়ক :30 জুনলৈ ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত বাংলাদেশৰ

ABOUT THE AUTHOR

...view details