অসম

assam

ETV Bharat / international

WHO ক কটাক্ষ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ! - য়ুহান

WHO ক কটাক্ষ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ । বিশ্ব স্বাস্থ্য সংস্থাই নিজৰ কৰ্মকাণ্ডৰ বাবে লজ্জাবোধ কৰিব লাগে বুলি মন্তব্য় কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে । চীনৰ য়ুহান চহৰত কৰ'ণা ভাইৰাছৰ উৎপত্তি হোৱা পাচতো চীনৰ জনসম্পৰ্ক সংস্থাৰ প্ৰশংসা কৰাৰ বাবেই WHOৰ বিৰুদ্ধে এনেদৰে মন্তব্য কৰে ট্ৰাম্পে ।

WHO
WHO ক কটাক্ষ আমেৰিকা ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ!

By

Published : May 2, 2020, 12:11 AM IST

নিউজ ডেস্ক, ১ মে': বিশ্ব স্বাস্থ্য সংস্থাই নিজৰ কৰ্মকাণ্ডৰ বাবে লজ্জিত হ'ব লাগে বুলি বৃহস্পতিবাৰে মন্তব্য কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে । চীনৰ য়ুহানত কৰ'ণা ভাইৰাছৰ উৎপত্তি হোৱাৰ পাচতো চীনৰ জনসম্পৰ্ক সংস্থাৰ প্ৰশংসা কৰাৰ বাবেই এনেদৰে মন্তব্য কৰে ট্ৰাম্পে ।

WHO ক কটাক্ষ আমেৰিকা ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ!

লগতে ৰাষ্ট্ৰপতি গৰাকীয়ে মহামাৰী কৰ'ণা ভাইৰাছ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ ওপৰত তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰিও আমেৰিকাই WHO লৈ আগবঢ়োৱা সাহাৰ্য অস্থায়ীৰূপে কৰ্তন কৰে বুলি সদৰী কৰে ।

বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে হোৱাইট হাউছত সংবাদমেল সম্বোধন কৰি কয়, "মই ভাবো বিশ্ব স্বাস্থ্য সংস্থা লজ্জিত হ'ব লাগে । কিয়নো বিশ্ব স্বাস্থ্য সংস্থাই বৰ্তমানেও চীনৰ জনসম্পৰ্ক সংস্থাৰ প্ৰশংসা কৰে ।"

ABOUT THE AUTHOR

...view details