ৱাশ্চিংটন, 8 নৱেম্বৰ : সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক পৰাভূত কৰি পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে শনিবাৰে জ' বিডেনে জয়লাভ কৰে ৷ অৱশ্যে বিডেনে শনিবাৰে জয় লাভ কৰিছে যদিও এই ফলাফল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে অন্তিমটো খোজ নহয় ৷ দুই শতিকাতকৈও আগৰ পৰা এক বিশেষ প্ৰণালীৰ অধীনত চলি অহা নিয়ম অনুসৰি এতিয়াও এক সপ্তাহ সময় আছে যি সময়ছোৱাৰ ভিতৰত 538 জনীয়া সদস্যৰ ইলেক্টৰেল কলেজে ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰিব ৷
যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে থকা মুখ্য পদক্ষেপ সমূহৰ এক আলোকপাত :
যেতিয়া আমেৰিকান নাগৰিক সকলে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোট ইয়াৰ অৰ্থ এইয়ে যে তেওঁলোকে নিজ ৰাজ্যৰ নিৰ্বাচক সকলৰ বাবে ভোট প্ৰদান কৰিছে ৷ বেছিভাগ ক্ষেত্ৰতে এই নিৰ্বাচক সকলে নিজ ভোটাৰ সকলৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ৷ নিৰ্বাচক সকলৰ সংখ্যা প্ৰতিখন ৰাজ্যৰ নিৰ্বাচনী ভোটৰ সমান ৷ নিৰ্বাচক সকল কেনেকৈ নিৰ্বাচিত হয় তাৰ ওপৰত ৰাজ্যৰ আইনৰ তাৰতম্য হয় ৷ কিন্তু, সাধাৰণতে দেখা যায় যে দলৰ ৰাজ্যিক সন্মিলনী বা কেন্দ্ৰীয় সমিতিৰ ভোটৰ দ্বাৰা প্ৰতিটো দলৰ প্ৰাৰ্থীৰ বাবে নিৰ্বাচক সকলৰ এক স্লেট তৈয়াৰ কৰা হয় ৷
নিৰ্বাচনী দিনটোৰ পাছত ৰাজ্যই জনপ্ৰিয় ভোট সমূহৰ গণনা কৰি প্ৰমাণ কৰা হয় ৷ এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত প্ৰত্যেকগৰাকী ৰাজ্যপালে ভোট নিশ্চিতকৰণৰ এক নথি প্ৰস্তুত কৰিব লাগে ৷ এই নথিত নিৰ্বাচকৰ নাম আৰু ভোটৰ সংখ্যা উল্লেখ থাকে ৷ প্ৰতিখন ৰাষ্ট্ৰৰ মোহৰ কঢ়িওৱা এই প্ৰমাণপত্ৰ যুক্তৰাষ্ট্ৰ আৰ্কাইভিষ্টৰ কাষলৈ পথোৱা হয় ৷ ডিচেম্বৰৰ 8 তাৰিখ হৈছে ৰাজ্যিক পৰ্যায়ত নিৰ্বাচনী বিবাদ সমাধানৰ সময়সীমা ৷ এই সময়ছোৱাতে ৰাজ্যিক পৰ্যায়ত ভোটদানৰ ক্ষেত্ৰত হোৱা যিকোনো খেলিমেলি শুদ্ধ কৰিব লাগিব ৷
ডিচেম্বৰ 14 তাৰিখে নিৰ্বাচক সকলে সংশ্লিষ্ট ৰাজ্য আৰু কলম্বিয়াৰ জিলাত বেলট পেপাৰেৰে ভোট দিব ৷ ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ বাবে ভোট সমূহ হিচাব কৰাৰ পাছত নিৰ্বাচক সকলে ছখন চাৰ্টিফিকেট ভোটত হস্তাক্ষৰ কৰিব ৷ অন্যান্য বিভাগীয় নথি পত্ৰৰ লগতে প্ৰমাণপত্ৰ সমূহ পঞ্জীয়ন হৈ থকা মেইলৰ জৰিয়তে বিভিন্ন বিষয়া তথা চিনেটৰ সভাপতি গৰাকীলৈ প্ৰেৰণ কৰা হ'ব ৷