নিউজ ডেস্ক, 30 জানুৱাৰীঃঅনুকূল বতৰৰ পাচত বুধবাৰে সফলতাপূৰ্বক স্পেছ এক্সে উৎক্ষেপণ কৰে 60 টাকৈ ষ্টাৰলিংক উপগ্ৰহ ৷ বুধাবাৰে তৃতীয়বাৰৰ বাবে মহাকাশত উৰা মাৰে ফেল্কন 9 ৰকেটে ৷ ফ্লেৰিডাৰ কেপ কেণভেৰেল এয়াৰ ফৰ্চ ষ্টেচনৰ উৰা মাৰে ৰকেট খনে ৷
‘স্পেছ এক্স’ৰ 60 টাকৈ ষ্টাৰলিংক উপগ্ৰহ উৎক্ষেপণ
ফ্লেৰিডাৰ কেপ কেণভেৰেল এয়াৰ ফৰ্চ ষ্টেচনৰ পৰা উৎক্ষেপণ কৰা হ’ল ফেল্কন 9 ৰকেট ৷ তৃতীয়বাৰৰ বাবে উৰা মাৰিছে ৰকেটটোৱে ৷
‘স্পেছ এক্স’ৰ 60 টাকৈ ষ্টাৰলিংক উপগ্ৰহ উৎক্ষেপণ
এই মিছনৰ মূল লক্ষ্য হৈছে 12,000 শক্তিশালী উপগ্ৰহৰ নেটৱৰ্ক গঢ়ি তোলা ৷ যাৰ দ্বাৰা ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱাত যথেষ্ট সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব বুলি জানিব পৰা গৈছে ৷ ইপিনে স্পছ এক্সে জানিবলৈ দিয়া অনুসৰি, ইতিমধ্যে নিদিষ্ট কক্ষপথত অৱস্থান কৰিছে ফেল্কন 9 ৰকেট ৷