নিউজ ডেস্ক, 15 এপ্ৰিলঃআমেৰকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণ দুয়োখন দেশেই বৰ্তমান একেটা অদৃশ্য শত্ৰুৰ বিৰুদ্ধে যুঁজ দি আছে । বৰ্তমান স্থগিত কৰিবলগীয়া হৈছে ইৰাণে আমেৰিকাৰ বিৰুদ্ধে ল'বলৈ ওলোৱা প্ৰতিশোধমূলক ব্যৱস্থা ।
বৰ্তমান কৰ'ণা ভাইৰাছৰ বাবে আমেৰিকাৰো অৱস্থা তেনেই শোচনীয় হৈছে । তেহৰানে COVID-19 ৰ প্ৰসংগটো প্ৰতিফলিত কৰি আমেৰিকাৰ প্ৰতিবন্ধকতাসমূহৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান সমূহৰ মত বিচাৰিছে । ইপিনে ইৰাণে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা পাঁচ বিলিয়ন ডলাৰ বিচাৰিছে,যি বিশ্ব শক্তিৰ 2015 চুক্তিৰ সীমাৰ বাহিৰত ।
2018 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ইছলামিক ৰাষ্ট্ৰক সহায় নকৰাৰ সিদ্ধান্ত লৈছিল । এই ক্ষেত্ৰত মানৱ অধিকাৰ সংগঠন সমূহেও কয় যে,ৱাছিংটনৰ প্ৰতিবন্ধকতাই বাণিজ্যকো বাধা প্ৰদান কৰিছে ।