অসম

assam

ETV Bharat / international

ভাৰত-চীনৰ সীমা বিবাদ: 2+2 বাৰ্তালাপত আমেৰিকাই আলোচনা কৰাৰ সম্ভাৱনা - আমেৰিকা

ভাৰত আৰু চীন সীমান্তৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আমেৰিকাই 2+2 বাৰ্তালাপত আলোচনা কৰাৰ সম্ভাৱনা আছে। ৱাছিংটনত সংবাদমেল সম্বোধন কৰি অধ্যক্ষ উপ-সহকাৰী সচিব ডীন থম্পছনে এই মন্তব্য কৰে। আমেৰিকাই সকলো বিষয় পৰ্যবেক্ষণ কৰি আছে বুলিও মন্তব্য কৰে থম্পছনে।

ভাৰত-চীনৰ সীমা বিবাদ: 2+2 বাৰ্তালাপত আমেৰিকাই আলোচনা কৰাৰ সম্ভাৱনা
ভাৰত-চীনৰ সীমা বিবাদ: 2+2 বাৰ্তালাপত আমেৰিকাই আলোচনা কৰাৰ সম্ভাৱনা

By

Published : Oct 23, 2020, 1:24 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ অক্টোবৰ: সীমা বিবাদক লৈ ভাৰত-চীনৰ মাজত চলি থকা অশান্ত পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাত আগ্ৰহ প্ৰকাশ কৰিছে আমৰিকাই। 2+2 বাৰ্তালাপত আমেৰিকাই এই বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে অধ্যক্ষ উপ-সহকাৰী সচিব ডীন থম্পছনে।

এখন সংবাদমেলত থম্পছনে কয় যে, 'মই ভাৱো নিয়ন্ত্ৰণ ৰেখাৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত সম্ভৱত: কিছু বিষয়ৰ আলোচনা হ'ব। আমি সমগ্ৰ ঘটনাৰাজি পৰ্যবেক্ষণ কৰি আছো। মই ভাৱো ভাৰত আৰু চীন দুয়োপক্ষই সসংহিতা বৃদ্ধিৰ পোষকতা কৰে। বহুকেইটা বিষয়ৰ আলোচনাক অন্তিম ৰূপ দিয়াৰ বাবে বেচিক এক্সেঞ্জ এণ্ড ক'অপাৰেছন এগ্ৰীমেণ্ট আৰু আন চুক্তিৰ জৰিয়তে চেষ্টা অব্যাহত ৰখা হৈছে। এতিয়া সকলো ঠিকে আছে বুলি আমি কথা দিব নোৱাৰো, তথাপি আমি আশা কৰোঁ যে, মাইকেল পম্পিঅ' আৰু মাৰ্ক এছপাৰৰ ভাৰত ভ্ৰমণৰ পিছতে কেইবাটাও বিষয় স্পষ্ট হ'ব।'

আমেৰিকা আৰু ভাৰতৰ সম্বন্ধৰ গতি আৰু পৰিসৰ যথেষ্ট বৃদ্ধি পাইছে আৰু দ্বি-পাক্ষিক সম্বন্ধক শক্তিশালী কৰাৰ বাবে উপযুক্ত সুযোগ আছে বুলিও ব্যক্ত কৰে থম্পছনে। লগতে তেওঁ কয় যে, সুৰক্ষা আৰু স্থিৰতা বজাই ৰাখিবলৈ দুয়ো দেশ আৰু সমগ্ৰ বিশ্বত মহত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। 2+2 বাৰ্তালাপ আমেৰিকাৰ আটাইতকৈ ভাল বন্ধুৰ সৈতেহে কৰা হয়। একেলগে কাম কৰিলে ভাৰত আৰু আমেৰিকা শক্তিশালী, সুৰক্ষিত আৰু সমৃদ্ধ হৈ থাকিব বুলিও থম্পছনে আশা ব্যক্ত কৰে। 2+2 বাৰ্তালাপৰ মুখ্য বিষয়সমূহ হ'ব বিশ্বজুৰি সহযোগিতা আৰু কৰ'ণা মহামাৰী। ২৫-৩০ অক্টোবৰৰ ভিতৰত মাইকেল পম্পিঅ' আৰু মাৰ্ক এছপাৰে ভাৰত, কলম্বো, মালে আৰু জাকাৰ্টা ভ্ৰমণ কৰিব।

লগতে পঢ়ক:কোৰিয়ান যুদ্ধৰ বাৰ্ষিকীত আমেৰিকাৰ বিৰুদ্ধে সৰৱ শ্বি জিনপিং

ABOUT THE AUTHOR

...view details