ইন্টাৰনেশ্যনেল ডেস্ক, 5 জানুৱাৰী : আমেৰিকান সুৰক্ষা বাহিনীয়ে (US Department of Homeland Security) সকলো আমেৰিকাবাসীকে চাইবাৰ আক্ৰমণৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা লগতে ইয়াৰ বিৰুদ্ধে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে ৷ আমেৰিকা আৰু ইৰাণৰ মাজত উদ্বিগ্নতা বৃদ্ধি পোৱাৰ ফলত ইৰাণে চাইবাৰ আক্ৰমণ কৰাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে সুৰক্ষা বাহিনীয়ে ৷ চাইবাৰ প্ৰতিৰোধ, সন্দেহজনক ই-মেইল আৰু নেটৱৰ্ক ধীৰ গতিত চলিব পাৰে বুলি সতৰ্ক কৰি দিয়া হৈছে ৷
ইৰাণৰ তৰফৰ পৰা আমেৰিকাক আক্ৰমণ কৰাৰ ভাবুকি প্ৰদান কৰিছিল যদিও বৰ্তমানলৈকে কোনো আক্ৰমণৰ তথ্য লাভ কৰা নাই বুলিও জানিবলৈ দিয়ে আমেৰিকান সুৰক্ষা বাহিনীয়ে ৷ লগতে দাবী কৰে যে, ইৰাণে এক শক্তিশালী চাইবাৰ প্ৰগেম নিজৰ দখলত ৰাখিছে আৰু আমেৰিকাৰ বিৰুদ্ধে ইয়াৰ ব্যৱহাৰ কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে ৷
সুৰক্ষা বাহিনীৰ পৰা জানিবলৈ দিয়া হৈছে যে, তেওঁলোকৰ বাহিনীয়ে সকলোবোৰ দিশৰ ওপৰত লক্ষ্য ৰাখিছে যাতে কোনো ধৰণৰ ঘটনা সংঘটিত নহয় ৷