নিউজ ডেস্ক, 17 মাৰ্চ:কৰ’ণা ভাইৰাছৰ প্ৰতিষেধক তৈয়াৰত ব্যস্ত আমেৰিকা ৷ চিটেলৰ কাইছেৰ পাৰমেণ্টে ৱাছিংটন হেল্থ ৰিচাৰ্জ ইনষ্টিটিউটত চলাই থকা হৈছে প্ৰতিষেধক তৈয়াৰৰ পৰীক্ষণ ৷ সোমবাৰে প্ৰথমগৰাকী স্বেচ্ছাসেৱকৰ দেহত পৰীক্ষণ কৰা হয় প্ৰতিষেধকৰ ৷ আমেৰিকাৰ নেশ্যনেল ইনষ্টিটিউট অফ হেল্থ (NIH) সহযোগত চলোৱা হৈছে কৰ’ণা ভাইৰাছৰ প্ৰতিষেধকৰ পৰীক্ষণ ৷
স্বাস্থ্য সংস্থাটোৰ অধিকাৰীৰ মতে, যি কোনো এটা ভাইৰাছৰ প্ৰতিষেধক তৈয়াৰ কৰি তাক বৈধতা পূৰ্ণ গ্ৰহণ যোগ্যতাৰ বাবে অতি কমেও 12 ৰ পৰা 18 মাহৰ সময়ৰ প্ৰয়োজন বুলি উল্লেখ কৰে ৷ নেশ্যনেল ইনষ্টিটিউট অফ হেল্থ আৰু মৰ্ডান ইংক দ্বাৰা তৈয়াৰ কৰা প্ৰতিষেধকটোক পৰৱৰ্তী সময়ত 45 গৰাকী যুৱকৰ দেহত পৰীক্ষণ কৰা হ’ব ৷