ইন্টাৰনেশ্বনেল ডেস্ক, 4 জানুৱাৰীঃ মধ্যপ্ৰাচ্যলৈ অতিৰিক্ত 3000 স্থলসেনা প্ৰেৰণ কৰিছে আমেৰিকাই ৷ ইৰানৰ কুৱাড ফ'ৰ্ছৰ প্ৰধান জেনেৰেল কাছেম চুলেইমানিৰ হত্যাৰ পিচতেই আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্দেশমৰ্মে এইদৰে বৃহৎ হাৰে মধ্যপ্ৰাচ্যলৈ অতিৰিক্ত স্থলসেনা প্ৰেৰণ কৰিছে দেশখনৰ প্ৰতিৰক্ষা বিভাগে ৷ আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই উল্লেখ কৰা অনুসৰি, স্থলসেনাৰ নৰ্থ কাৰোলিনাৰ ফৰ্ট ব্ৰাগৰ পৰা 82nd Airborne Divisionৰ এইসমূহ সেনা অতিৰিক্তভাৱে মধ্যপ্ৰাচ্যলৈ প্ৰেৰণ কৰিছে পেন্টাগনে ৷ ইয়াৰ ভিতৰত কুৱেইটস্থিত আমেৰিকান দুতাবাসৰ নিৰাপত্তাৰ দায়িত্বত থকা 700 সৈনিককো কুৱেইটৰ পৰা প্ৰেৰণ কৰা হৈছে বুলি সৈন্য বিষয়াগৰাকীয়ে উল্লেখ কৰে ৷
মধ্যপ্ৰাচ্যৰ পৰা আমেৰিকান সেনাবাহিনী প্ৰত্যাৰ্পন কৰা বিষয়টো এৰাই চলি বিগত বৰ্ষৰ মে' মাহৰ পৰা এতিয়ালৈকে আমেৰিকাই 14,000 অতিৰিক্ত বাহিনী মধ্যপ্ৰাচ্যলৈ প্ৰেৰণ কৰিছে ৷ মধ্যপ্ৰাচ্যত থকা আমেৰিকান দুতাবাসৰ লগতে অন্যান্য সংস্থাপনসমূহৰ নিৰাপত্তা তথা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ নিয়োগ কৰা হৈছে এইসমূহ সেনা ৷ ইতিমধ্যে আমেৰিকাই ইৰানত থকা আমেৰিকান নাগৰিকসকলক শীঘ্ৰেই দেশখন ত্যাগ কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷