ইন্টাৰনেশ্বনেল ডেস্ক, 17 জুলাই : ভাৰতৰ সৈতে ব্যৱসায়িক সম্পৰ্ক উন্নত আৰু দৃঢ় কৰাৰ আশা প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ শেহতীয়াকৈ দুই দেশৰ মাজত বৃদ্ধি পোৱা ব্যৱসায়িক সংঘাতৰ পাছতে এই আশা ব্যক্ত কৰে দেশখনৰ মুখপাত্ৰ মৰ্গান অ'ৰটাগাছে ৷
নৰেন্দ্ৰ মোডী আৰু ড'নাল্ড ট্ৰাম্প 'ইউএছ - ইণ্ডিয়া ট্ৰেড টক' সমাপ্ত কৰি ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প কাৰ্যালয়ৰ দুজনকৈ বিষয়াই নতুন দিল্লীৰ পৰা উৰা মৰাৰ পাছতে এনেদৰে মন্তব্য কৰে মৰ্গানে ৷ তেওঁ জানিবলৈ দিয়ে যে, দুয়ো দেশৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ বাবেই সকলো ধৰণৰ বিবাদ নিষ্পত্তি কৰিবলৈ সক্ষম হ'ব আৰু পুনৰ ব্যৱয়ায়িক সম্পৰ্ক দৃঢ় কৰিব পাৰিব ৷
উল্লেখ্য যে, আমেৰিকাৰ 28 টাকৈ সামগ্ৰীত ভাৰতে শুল্ক প্ৰয়োগ কৰাৰ পাছতে ক্ষুদ্ধ হৈ পৰিছিল ৰাষ্ট্ৰপতি ট্ৰাম্প ৷ ইয়াৰ পাছতে চলিত বৰ্ষৰ জুনৰ 5 তাৰিখৰ পৰা ভাৰতক ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষাধিকাৰ দিবলৈ অস্বীকাৰ কৰিছিল ট্ৰাম্পে ৷
নৰেন্দ্ৰ মোডী আৰু ড'নাল্ড ট্ৰাম্প এই সংঘাতৰ পাছতে যোৱা সপ্তাহত নতুন দিল্লীত আহি উপস্থিত হৈছিল আমেৰিকাৰ এক প্ৰতিনিধিৰ দল ৷ ইয়াৰোপৰি, যোৱা মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অ'ছাকাত জি - 20 সন্মিলনৰ সময়ত ট্ৰাম্পক লগ কৰি এক আলোচনাত মিলিত হৈছিল ৷
ভাৰতৰ সৈতে ব্যৱসায়িক সম্পৰ্ক দৃঢ় কৰিবলৈ আশাবাদী আমেৰিকা