নিউজ ডেস্ক, ১৭ এপ্ৰিলঃCOVID-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতলৈ এইবাৰ সহায়ৰ হাতত আমেৰিকাৰ । স্বাস্থ্য সাহাৰ্য হিচাপে ভাৰতক আমেৰিকাই প্ৰদান কৰিছে ৫৯ লাখ ডলাৰ । বৃহস্পতিবাৰে এই কথা সদৰি কৰিছে বৈদেশিক মন্ত্ৰণালয়ে ।
ভাৰতত প্ৰভাৱিত হোৱা লোক সকলৰ চোৱা-চিতা,সম্প্ৰদায় সমূহত জনস্বাস্থ্যৰ প্ৰয়োজনীয় বাৰ্তা প্ৰচাৰ তথা তীক্ষ্ণ দৃষ্টি ৰাখি বীজাণুৰ সংক্ৰমণ প্ৰতিহত কৰিব বাবে ভাৰতৰ সহায় হোৱাকৈ এই ধন ব্যৱহাৰ কৰা হৈছে বুলি উল্লেখ কৰে বিদেশ মন্ত্ৰণালয়ে । লগতে জৰুৰীকালিন সময়ত প্ৰস্তুত আৰু এই মহামাৰী পৰা পৰিত্ৰাণ পাবলৈ নতুন বিত্তীয় পোষণতন্ত্ৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হৈছে বুলি জানিবলৈ দিয়া হৈছে ।