অসম

assam

ETV Bharat / international

কেপিটল হিলৰ ঘটনাক ৰাষ্ট্ৰদোহৰ অভিযোগ - ফেদাৰেল প্ৰচিকিউটৰে ট্ৰাম্পৰ সমৰ্থকসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰদোহৰ অভিযোগ

বিগত সপ্তাহত আমেৰিকাৰ কেপিটল হিলত ট্ৰাম্পৰ সমৰ্থকে হোৱাইট হাউচত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰা সন্দৰ্ভত ফেডাৰেল প্ৰচিকিউটৰে ট্ৰাম্পৰ সমৰ্থকসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰদোহৰ অভিযোগত অনুসন্ধান অব্যাহত ৰাখিছে ।

কেপিটল হিলৰ ঘটনাক ৰাষ্ট্ৰদোহৰ অভিযোগ
কেপিটল হিলৰ ঘটনাক ৰাষ্ট্ৰদোহৰ অভিযোগ

By

Published : Jan 13, 2021, 2:30 PM IST

নিউজ ডেস্ক, ১৩ জানুৱাৰী: বিগত সপ্তাহত আমেৰিকাৰ কেপিটল হিলত ট্ৰাম্পৰ সমৰ্থকে হোৱাইট হাউচত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰা সন্দৰ্ভত ফেডাৰেল প্ৰচিকিউটৰে ট্ৰাম্পৰ সমৰ্থকসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰদোহৰ অভিযোগত অনুসন্ধান অব্যাহত ৰাখিছে । ট্ৰাম্পৰ সমৰ্থকসকলে ইলেক্টৰেল কলাজৰ বিৰোধিতাৰে কেপিটল হিলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি যিদৰে দুষ্কাৰ্য সংঘটিত কৰাত পাঁচজনে প্ৰাণ হেৰুৱায় ।

ইয়াৰোপৰি আইনী প্ৰক্ৰিয়াৰ জ্ঞান অবিহনে ৱাশ্বিংটনত ট্ৰাম্পৰ সমৰ্থকে চূড়ান্ত নিৰ্দেশ জাৰি কৰিছিল । আৰক্ষী প্ৰতিনিধিয়ে বাধা দিয়া সত্বেও উগ্ৰ সমৰ্থকে আৰক্ষীৰ বাধাক নস্যাৎ কৰে ।

উল্লেখ্য যে, ট্ৰাম্পৰ সমৰ্থকসকলে ইলেক্টৰেল কলাজৰ বিৰোধিতাৰে কেপিটল হিলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ট্ৰাম্পৰ সমৰ্থকসকলৰ উগ্ৰ ৰূপ দমন কৰিবলৈ যোৱা আৰক্ষীৰ সৈতেও হতাহতি হয় । পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক বিষম হৈ পৰাত কাৰ্ফিউ জাৰি কৰিবলৈ বাধ্য হয় । ৩ নৱেম্বৰত আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনত জ' বাইডেন জয়ী হোৱাটো নিশ্চিত হৈ পৰাত ট্ৰাম্পে তেওঁৰ সমৰ্থকসকলক নিৰ্বাচনৰ ফলাফলৰ বিৰুদ্ধে যোৱা সপ্তাহত হোৱাইট হাউচ বিৰোধিতা কৰিবলৈ উৎসাহ যোগায় ।

লগতে পঢ়ক: নিজ সমৰ্থকৰ সমালোচনাক উপযুক্ত বুলি ক’লে ট্ৰাম্পে

ABOUT THE AUTHOR

...view details