নিউজ ডেস্ক,22 অক্টোবৰ : আমেৰিকাৰ ৰাজ্য বিভাগে বুধবাৰে জাৰি কৰা এক সংসদীয় জাননী অনুসৰি,ৰাজ্যসমূহৰ ভিজা নিয়মত কিছু সাল-সলনি ঘটোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ এই নিয়মৰ অধীনত H-1Bৰ অন্তৰ্গত বিদেশী ব্যৱসায়ীৰ বাবে অস্থায়ী ভিজাৰ ব্যৱস্থা কৰা নহ’ব ৷
যদি ইয়াক অন্তিম ৰূপ দিয়া হয়,তেন্তে এই প্ৰস্তাৱে যিকোনো ভ্ৰান্ত ধাৰণা দূৰ কৰি দিব ৷ বিদেশ বিভাগে আমেৰিকান কৰ্মীসকলৰ সুৰক্ষাৰ হেতু কংগ্ৰেছৰ দ্বাৰা স্থাপন কৰা এইচ নন-ইমিগ্রাণ্ট শ্রেণীবিন্যাস সম্পর্কীয় বিধি নিষেধ আৰু প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷
এই পদক্ষেপে বহু ভাৰতীয় কোম্পানীৰ ওপৰত প্ৰভাৱ পেলাব,য’ত আমেৰিকাত চাকৰি পদ পূৰণৰ ক্ষেত্ৰত কিছু সময়ৰ বাবে নিজৰ প্ৰায়োগিক পেছাদাৰীসকলক B-1 ভিজা প্ৰদান কৰা হ’ব ৷