অসম

assam

ETV Bharat / international

ইৰানলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সতৰ্কবাণী - ইৰানলৈ সতৰ্কবাণী প্ৰেৰণ ট্ৰাম্পৰ

ইৰানলৈ সতৰ্কবাণী প্ৰেৰণ ট্ৰাম্পৰ ৷ আমেৰিকাত আক্ৰমণ কৰিলে পূৰ্বতকৈও শক্তিশালীভাৱে আক্ৰমণ কৰা হ'ব বুলি ভাবুকি ট্ৰাম্পৰ ৷

ইৰানলৈ ট্ৰাম্পৰ সতৰ্কবাণী
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প

By

Published : Jan 5, 2020, 2:13 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 5 জানুৱাৰী : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে শনিবাৰে ইৰানলৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে ৷ ট্ৰাম্পে কয় যে, ইৰানে আমেৰিকাক আক্ৰমণ কৰাৰ চেষ্টা কৰিলে পূৰ্বতকৈ কঠোৰভাৱে আক্ৰমণ কৰা হ'ব ৷ উল্লেখ্য যে, আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকৰ ফলত ইৰানীয়ান জেনেৰেল কাছেম ছোলেইমানিৰ মৃত্যু হোৱাৰ পাচতে ইৰানে ইয়াৰ প্ৰতিশোধ ল'ব বুলি ভাবুকি প্ৰদান কৰিছিল ৷

এই ভাবুকিৰ পাচতে ট্ৰাম্পে টুইটৰ জৰিয়তে মন্তব্য কৰে, "মই তেওঁলোকক আক্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছো ৷ কিন্তু তেওঁলোকে যদি আক্ৰমণ কৰে তেন্তে পূৰ্বতকৈ শক্তিশালী আৰু কঠোৰভাৱে আক্ৰমণ চলোৱা হ'ব ৷" ইয়াৰ পাচতে তেওঁ আন এটা টুইট কৰে আৰু কয় যে, ইৰানীসকলে আক্ৰমণৰ চেষ্টা কৰিলে আমেৰিকাই বিনা দ্বিধাৰে নতুন আৰু অত্যাধুনিক সৈনিক সা-সৰঞ্জাম ব্যৱহাৰ কৰিব ৷

আৰু পঢ়ক : পাকিস্তানৰ নানকানা ছাহিব গুৰুদ্বাৰত শিলাবৰ্ষণক গৰিহণা ভাৰতৰ

ABOUT THE AUTHOR

...view details