নিউজ ডেস্ক, 31 মাৰ্চঃ শীঘ্ৰেই আমেৰিকাত কভিদ 19 ত নিহত ৰোগীৰ সংখ্যাই চেৰ পেলাব পাৰে চীনক ৷ মঙলবাৰে নিউয়ৰ্ক চহৰৰ বাবে 1 মিলিয়ন স্বাস্থ্যকৰ্মী নিয়োগ কৰিবলৈ আহ্বান জনায় চহৰখনৰ ৰাজ্যপাল এন্দ্ৰিউ কোমুই ৷ আনহাতে চীনক এই ক্ষেত্ৰত পিছ পেলাই ইটালী আৰু স্পেইনত নিহতৰ সংখ্যা প্ৰায় 38000 হোৱা বুলি জানিব পৰা গৈছে ৷
বিশ্ব স্বাস্থ্য সংস্থাই মঙলবাৰে সাৱধানবাণী প্ৰদান কৰি কয় যে পশ্চিম ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ উৎপত্তি স্থলকলৈ মানুহে বেছি গুৰুত্ব প্ৰদান কৰিছে যদিও কৰ'ণা ভাইৰাছৰ উৎপত্তি ইয়াৰ পৰা বহু দূৰত থকা এছিয়াত হে আছিল ৷
আনহাতে নিউয়ৰ্ক চহৰে সন্মুখীন হোৱা সংকটসমূহ শীঘ্ৰেই আমেৰিকাৰ অন্য সম্প্ৰদায়সমূহে সন্মুখীন হব লাগিব বুলি জানিবলৈ দিয়ে নিউয়ৰ্কৰ ৰাজ্যপাল এন্দ্ৰিউ কোমু আৰু স্বাস্থ্যকৰ্মীসকলে ৷ চহৰখনত সোমবাৰলৈ এদিনত নিহতৰ সংখ্যা 250 তকৈয়ো বৃদ্ধি হৈ প্ৰায় 1200 হোৱা বুলি জানিবলৈ দিয়ে ৰাজ্যপালগৰাকীয়ে ৷ সেয়ে চহৰখনৰ ৰক্ষাৰ বাবে শীঘ্ৰেই স্বাস্থ্যকৰ্মী, হাস্পতাল আদিৰ সংখ্যা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাই নিউয়ৰ্কৰ ৰাজ্যপাল এন্দ্ৰিউ কোমুই ৷
ইতিমধ্যে এই ৰোগত ইউ এছ চাৰ্ভছৰ এগৰাকী সদস্যৰ মৃত্যু হোৱাত সেয়া আমেৰিকাৰ বাবে বৃহৎ লোকচান বুলি উল্লেখ কৰে ৰাজ্যপালগৰাকীয়ে ৷ আনহাতে আগন্তুক 30 দিন সকলোৰে বাবে এক প্ৰত্যাহ্বান সেয়ে সোমবাৰে সংবাদ মাধ্যমৰ জৰিয়তে নিজৰ দেশবাসীক সজাগ থাকিবলৈ অনুৰোধ জনাই ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৷