অসম

assam

By

Published : Nov 6, 2020, 9:35 AM IST

ETV Bharat / international

যুক্তৰাষ্ট্ৰীয় নিৰ্বাচন : ভোট গণনাৰ মাজতে নিৰ্বাচনৰ সত্যনিষ্ঠতাক লৈ ট্ৰাম্পৰ অনাস্থা

সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোট গণনাক লৈ ট্ৰাম্পৰ অনাস্থা প্ৰকাশ ৷ নিৰ্বাচনৰ অনুষ্ঠিত হোৱা দিনটোত আৰু নিৰ্বাচনৰ আগৰ দিনটোত দাখিল কৰা বেলট পেপাৰৰ গণনা বন্ধ কৰাৰ দাবী ৷

ভোট গণনাৰ মাজতে নিৰ্বাচনৰ সত্যনিষ্ঠতাক লৈ ট্ৰাম্পৰ অনাস্থা
ভোট গণনাৰ মাজতে নিৰ্বাচনৰ সত্যনিষ্ঠতাক লৈ ট্ৰাম্পৰ অনাস্থা

ৱাশ্চিংটন, 6 নৱেম্বৰ:হোৱাইট হাউছ অধিগ্ৰহণৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ সত্যনিষ্ঠতাক লৈ ডনাল্ড ট্ৰাম্পৰ অনাস্থা প্ৰকাশ ৷ সমগ্ৰ ৰাষ্ট্ৰতে ভোট গণনা চলি থকাৰ মাজতে ডেমক্ৰেট প্ৰাৰ্থী জ' বিডেনৰ বিপক্ষে নিৰ্বাচনী দৌৰত অৱতীৰ্ণ হোৱা ডনাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত এক অসমৰ্থিত অভিযোগ তুলি আস্থা কমোৱাৰ এক প্ৰচেষ্টা চলায় ৷ অৱশ্যে ৰাষ্ট্ৰবাসীক ধৈৰ্য ৰাখিবলৈ আহ্বান জনাই বিডেনে কয় যে এই গণনাক বিশ্বাস কৰিব পাৰি ৷

বৰ্তমানলৈকে হোৱা ভোট গণনাৰ ওপৰত ভিত্তি কৰি দেখা গৈছে যে ট্ৰাম্পৰ বাবে বিজয়ৰ আশা তেনেই ক্ষীণ ৷ এলানি টুইটৰ জৰিয়তে ট্ৰাম্পে নিৰ্বাচনী অসদাচৰণৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচনৰ অনুষ্ঠিত হোৱা দিনটোত আৰু নিৰ্বাচনৰ আগৰ দিনটোত দাখিল কৰা বেলট পেপাৰৰ গণনা বন্ধ হ'ব লাগে বুলি জোৰ দিয়া পৰিলক্ষিত হৈছে ৷

2016 চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তো তেওঁ একেই অভিযোগ কৰিছিল ৷ কিন্তু এইবাৰ তেওঁ এজন প্ৰাৰ্থী হিচাপে নহয় বৰঞ্চ যুক্তৰাষ্ট্ৰৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি হিচাপেহে এই অভিযোগ উত্থাপন কৰিছে ৷ বৰ্তমানলৈ হোৱা ভোট গণনাই বিডোনৰ জয় প্ৰায় সুনিশ্চিত কৰিছে যদিও ট্ৰাম্পে এতিয়াও হাৰ মনা পৰিলক্ষিত হোৱা নাই ৷ যিহেতু ভোট গণনা এতিয়াও অব্যাহত আছে, সেয়ে নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল তথা সংযুক্ত ৰাষ্ট্ৰৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ'ব সেই কথা জানিবলৈ আৰু কিছুদিন অপেক্ষা কৰিব লাগিব ৷

লগতে পঢ়ক:বিদেনৰ জয়ৰ 90 শতাংশ সুযোগ আছে: কমলা হেৰিছৰ আত্মীয়

ABOUT THE AUTHOR

...view details