নিউজ ডেস্ক, 18 আগষ্টঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ আগত মুখথেকেচা খোৱা পাকিস্তানৰ বাবে আন এক বিপৰ্যয়ে দেখা দিছে ৷ 2010 চনৰ পৰা পাকিস্তানক প্ৰদান কৰি অহা আৰ্থিক সাহাৰ্য বন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷
পাকিস্তানলৈ বন্ধ আমেৰিকাৰ আৰ্থিক সাহাৰ্য - আৰ্থিক সাহাৰ্য
পেপা (Pakistan Enhanced Partnership Agreement), 2010 চুক্তিৰ অধীনত পাকিস্তানক প্ৰদান কৰি অহা 1.3 বিলিয়ন আমেৰিকান ডলাৰৰ সাহাৰ্য বন্ধ কৰি দিছে আমেৰিকাই ৷ 2010 চনৰ পৰাই আমেৰিকাই সাহাৰ্য হিচাপে পাকিস্তানক প্ৰদান কৰি আহিছিল সৰ্বমুঠ 440 মিলিয়ন আমেৰিকান ডলাৰ ৷
অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰা পাকিস্তানৰ সৈতে 2010 চনত আমেৰিকাই স্বাক্ষৰ কৰিছিল পেপা (Pakistan Enhanced Partnership Agreement) চুক্তি ৷ এই চুক্তিৰ অধীনত আমেৰিকা যুক্তৰাষ্ট্ৰই বছেৰেকত পাকিস্তানক প্ৰদান কৰি আহিছিল 1.3 বিলিয়ন আমেৰিকান ডলাৰ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰই সন্ত্ৰাসবাদ প্ৰতিৰোধৰ বাবে পাকিস্তানক প্ৰদান কৰি আহিছিল এই বিশাল পৰিমাণৰ ধনৰাশি ৷ কিন্তু শেহতীয়াকৈ ভাৰতৰ সৈতে পাকিস্তানৰ সম্পৰ্ক অৱনতি ঘটাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুখথেকেচা খোৱা পাকিস্তান আমেৰিকাৰ বাবে গুৰুত্বহীন হৈ পৰিছে ৷
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পাকিস্তানে মিছা প্ৰবঞ্চনাৰ বাদে সন্ত্ৰাসবাদক স্বৰ্গ প্ৰদান কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে ৷ ট্ৰাম্পে পাকিস্তানক ইমান বছৰে সন্ত্ৰাসবাদ প্ৰতিৰোধৰ বাবে ধন প্ৰদান কৰি অহাৰ কথা উল্লেখ কৰি, আমেৰিকাৰ বাবে পাকিস্তানে একোৱেই নকৰা বুলি কৈ পাকিস্তানক ধ্বংসকাৰী দেশ আখ্যা দিয়ে ৷
TAGGED:
আমেৰিকা পাকিস্তান নিউজ