অসম

assam

ETV Bharat / international

বিবিচি নিউজক নিষিদ্ধ কৰা চীনক সমালোচনা আমেৰিকাৰ - চীনা সম্প্ৰচাৰক চিজিটিএনৰ অনুজ্ঞাপত্ৰ বাতিল

ব্ৰিটিছ নিয়ন্ত্ৰকে ৰাজ্যিক মালিকাধীন চীনা সম্প্ৰচাৰক চিজিটিএনৰ অনুজ্ঞাপত্ৰ বাতিল কৰা পিছত এইবাৰ চীনত নিষিদ্ধ বিশ্বৰ প্ৰভাৱশালী সংবাদ প্ৰতিষ্ঠান বিবিচি নিউজৰ সম্প্ৰচাৰ ।

বিবিচি নিউজক নিষিদ্ধ কৰা চীনক সমালোচনা আমেৰিকাৰ
বিবিচি নিউজক নিষিদ্ধ কৰা চীনক সমালোচনা আমেৰিকাৰ

By

Published : Feb 12, 2021, 3:59 PM IST

নিউজ ডেস্ক, ১২ ফেব্ৰুৱাৰী:পুনৰ চীন আৰু ব্ৰিটেইনৰ মাজত আৰম্ভ কূতনৈতিক যুদ্ধ । শেহতীয়াকৈ ব্ৰিটিছ নিয়ন্ত্ৰকে ৰাজ্যিক মালিকাধীন চীনা সম্প্ৰচাৰক চিজিটিএনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছিল । ইয়াৰ পিছতে প্ৰতিষোধমূলক আচৰণেৰে চীনৰ জিনজিয়াঙৰ মানৱ অধিকাৰ উলংঘন আৰু ক'ভিড-১৯ৰ দৰে গুৰুত্বপূৰ্ণ বিষয় ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি অহা বিবিচি ৱৰ্ল্ড নিউজৰ সম্প্ৰচাৰ বন্ধ কৰিলে চীনে । বিশ্বৰ অন্য়তম সংবাদ মাধ্য়মক চীনে নিষিদ্ধ কৰা কাৰ্যক সমালোচনা কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ।

আমেৰিকাৰ ৰাজ্যিক বিভাগৰ মুখপাত্ৰই এক প্ৰেছ বিবৃতিযোগে চীনৰ এই কাৰ্যক নিন্দা কৰাৰ লগতে উল্লেখ কৰে বিশ্ব ভিতৰত অন্য়তম চীনে দেশৰ তথ্য় বাহিৰলৈ যোৱাত অতি নিয়ন্ত্ৰিত ভূমিকা গ্ৰহণ কৰি আহিছে । বিভিন্ন আউটলেট আৰু প্লেটফৰ্মবোৰ দেশত মুক্তভাৱে সম্প্ৰচাৰত নিষিদ্ধ কৰি একপ্ৰকাৰ চীনে অসুবিধা সৃষ্টি কৰিছে বুলি উল্লেখ কৰে বিবৃতিখনত । লগতে মুখপাত্ৰ গৰাকীয়ে অভিযোগ কৰে যে চীনৰ নেতাসকলে বিশ্ববাসীক ভুল তথ্য় দিবলৈ ইন্টাৰনেট অথবা মুক্ত সামাজিক মাধ্য়ম ব্য়ৱহাৰ কৰে । সংবাদ মাধ্য়মৰ স্বাধীনতাৰ বিষয়ে উল্লেখ কৰি মুখপাত্ৰ গৰাকীয়ে কয় যে সংবাদ মাধ্য়মৰ অধিকাৰ অতি গুৰুত্বপূৰ্ণ যাৰ জৰিয়তে সাধাৰণ নাগৰিকে মুক্তভাৱে তেওঁলোকৰ মন্তব্য় প্ৰকাশ কৰিব পাৰে ।

উল্লেখ যে চীনৰ জিনজিয়াঙত মানৱ অধিকাৰৰ উলংঘন কৰা বিষয়কলৈ বিবিচিয়ে মিছা অপপ্ৰচাৰ চলোৱাৰ অভিযোগ তুলি চীনৰ ৰাষ্ট্ৰীয় ৰেডিঅ' আৰু টেলিভিচন এডমিনিষ্ট্ৰেচনে বন্ধ কৰে বিবিচিৰ সম্প্ৰচাৰ ।

লগতে পঢ়ক:সংশ্লেষিত জীৱ বিজ্ঞানক আহিলা হিচাপে ব্যৱহাৰ কৰাত আগ্ৰহী অষ্ট্ৰেলিয়াবাসী

ABOUT THE AUTHOR

...view details